NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশত কোভিড সংক্ৰমিত লোকৰ সংখ্যা ১০,০২০ গৰাকীলৈ বৃদ্ধি

October 2, 2020 10:36 am · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমিত লোকৰ সংখ্যাই ১০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ২২৪ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য সঞ্চালকালয়ৰ তৰফৰ পৰা টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

তথ্য অনুসৰি, অৰুণাচল প্ৰদেশত বৰ্তমানলৈ মুঠ ১০,০২০ গৰাকী লোক ক’ৰ’না সংক্ৰমিত হৈছে। ৰাজ্যখনত বৰ্তমানলৈ মুঠ ২,৪৩,৫৪৭ টা ক’ৰ’না পৰীক্ষা কৰা হৈছে।

অৰুণাচল প্ৰদেশৰ বাইশখন জিলাত নতুনকৈ ক’ৰ’না প’জিটিভ হোৱা লোক সকল চিনাক্ত হৈছে।

বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ২২৪ গৰাকী লোকৰ ভিতৰত ৮৯ গৰাকী ৰাজধানী ইটানগৰৰ।

বিগত ২৪ ঘণ্টাত ক’ৰ’না প’জিটিভ হোৱা লোক সকলৰ ভিতৰত ৫৮ গৰাকী লক্ষণযুক্ত আৰু বাকীসকল লোকৰ শৰীৰত ক’ৰ’নাৰ লক্ষণ নায়।

আনহাতে, অৰুণাচলত বিগত ২৪ ঘণ্টাত ১৫৯ গৰাকী লোকক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হোৱাত চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

বৰ্তমানলৈ অৰুণাচলত ১৬ গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে আৰু মুঠ ৭,০৪৯ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

Related News