NORTHEAST NOW (Assamese)

মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জিতেন গগৈৰ হুংকাৰ : মোক ৰুধিব পৰা কোনো শক্তিয়েই নাই

October 13, 2020 9:34 am · উত্তম শইকীয়া
Updated: October 13, 2020 9:42 am
ফটো : নৰ্থ-ইষ্ট নাও

‘আগন্তুক বিধানসভা নিৰ্বাচনত মই কোনো আঞ্চলিক বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰাৰ্থী নহওঁ ৷ ২০২১ ৰ নিৰ্বাচনত বোকাখাত সমষ্টিৰ পৰা মই নিৰ্দলীয় হিচাবেই প্ৰতিদ্বন্দ্বিতা কৰিম ৷ বোকাখাতত মোক ৰুধিব পৰা কোনো শক্তিয়েই নাই”, বোকাখাতত আয়োজিত এক কৰ্মশালাত সাংবাদিকৰ আগত এই মন্তব্য কৰে প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৷ 

ক’ভিড-১৯ ৰ ভয়াবহ সংক্ৰমণৰ পটভুমিত কৰ্মসংস্থাপন এৰি বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ উদ্দেশ্যৰে বোকাখাতৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে সোমবাৰৰ পৰা আৰম্ভ কৰিছে এক বিশেষ কৰ্মশালা।

বোকাখাতৰ জ্যোতিপুৰত থকা তেওঁৰ “লুইত ইন্টাৰনেশ্যনেল একাডেমি” নামৰ শিক্ষানুষ্ঠানৰ প্ৰাংগণত এই নিৱনুৱা যুৱক-যুৱতী সকল সংস্থাপিত হ’ব পৰাকৈ এক প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰে।

এই কৰ্মশালাত নিৱনুৱা যুৱক-যুৱতী সকলক ইলেকট্ৰিকেল সামগ্ৰী, সৌৰ শক্তিৰ পৰিচালনা আৰু সামগ্ৰী নিৰ্মাণ আদিৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।

বোকাখাত বিধানসভা সমষ্টিৰ ২০ খন গাঁও পঞ্চায়তৰ অধীনৰ প্ৰায় এহেজাৰ নিৱনুৱা যুৱক-যুৱতীক এই স্বনিয়োজন প্ৰশিক্ষণৰে সামৰাৰ পৰিকল্পনা কৰিছে জিতেন গগৈয়ে।

প্ৰশিক্ষণৰ অন্তত বিভিন্ন শিতানত প্ৰশিক্ষিত এই সকল যুৱক-যুৱতীক কৰ্ম সংস্থাপনৰ বাবে বিহিত ব্যৱস্থা লোৱাৰো পৰিকল্পনা কৰিছে তেওঁ।

বোকাখাত নিৰ্মাণ গোট নামৰ এটা বেচৰকাৰী সংগঠনৰ সভাপতি জিতেন গগৈয়ে এই প্ৰশিক্ষণৰ শুভাৰম্ভত দিয়া ভাষণত কয় যে এই কৰ্মশালা নিৰ্বাচন কেন্দ্ৰিক নহয় বৰঞ্চ অসমৰ শিক্ষিত যুৱক-যুৱতীক কৰ্ম সংস্থাপন দি ৰাজ্যৰ অৰ্থনীতিৰ কাঠাম মজবুট কৰা।

কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে বোকাখাত নিৰ্মাণ গোটৰ সম্পাদক ফনীধৰ গগৈয়ে। জিতেন গগৈৰ সঞ্চালনাত আয়োজিত অনুষ্ঠানত ৰঙামাটি মৌজাৰ মৌজাদাৰ গংগাধৰ শইকীয়াইও উপস্থিত থাকে।

উল্লেখ্য যে যোৱা বিধানসভাৰ নিৰ্বাচনত জীতেন গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত আছিল যদিও লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল।

সম্প্ৰতি আগন্তুক বিধানসভা নিৰ্বাচনত বোকাখাত সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে জিতেন গগৈয়ে।

Related News