NORTHEAST NOW (Assamese)
অসম

তৃতীয় পৰ্যায়ৰ লকডাউন: মালবাহী ৰে’লৰ বাহিৰে সম্পূৰ্ণৰূপে বন্ধ থাকিব যাত্ৰীবাহী ৰে’ল সেৱা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 5, 2020 11:19 am
WhatsApp Image 2020-05-05 at 10.41.07 AM

তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাটো সম্পূৰ্ণৰূপে বন্ধ থাকিব যাত্ৰীবাহী ৰে’ল সেৱা। এই সময়ছোৱাত কেৱল মালবাহী ৰে’লহে চলাচল কৰিব পাৰিব।

এই কথা জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই ৷

শুভানন চন্দই লগতে কয় যে ১৭ মেলৈ শ্ৰমিকৰ বাবে কিছুমান ট্ৰেইন চলাই থকা হৈছে ৷ ৰাজ্য চৰকাৰৰ অনুমতি অনুসৰি শ্ৰমিকৰ বাবে ট্ৰেইন চলোৱাৰ ব্যৱস্থা কৰিব ৰে’ল বিভাগে।

ইতিমধ্যেই দেশৰ কেইবাটাও স্থানত আৱদ্ধ লোকসকলৰ বাবে ৰে’ল বিভাগে এই ব্যৱস্থা আৰম্ভ কৰিছে।

যিসকল লোক অসমৰ বাহিৰৰ ৰাজ্য সমূহত আৱদ্ধ হৈ আছে তেওঁলোকে যদি আহিব বিচাৰে তেনেহ’লে ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব আৰু ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি তালিকা প্ৰস্তুত কৰিব বুলি চন্দই কয়।

গুৰুত্বপূৰ্ণ এই যে এই ট্ৰেইন সমূহ সম্পূৰ্ণ বিশেষ ট্ৰেইন য’ত বেলেগ মানুহ উঠিব নোৱাৰিব বা টিকটৰ ব্যৱস্থা কৰা নহ’ব ৷ অকল তালিকাত থকা ব্যক্তিসকলেহে যাব পৰিব বুলিও জনায় জন সম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ৷

কিন্তু বৰ্তমানলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱে কোনো যাত্ৰীবাহী বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই নতুবা বেলেগ ৰাজ্য চৰকাৰে বিশেষ ট্ৰেইন অসমলৈ এতিয়া পঠিওৱা নাই ৷ অসম চৰকাৰৰ নিৰ্দেশনাৰ পিছতহে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ব্যৱস্থা গ্ৰহণ কৰিব।

জনসম্পৰ্ক ৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে সম্প্ৰতি অসম চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়াৰ পিছতহে উত্তৰ-পূব সীমান্ত ৰে’লৱেই শ্ৰমিকৰ বাবে ৰে’ল চলাচলৰ ব্যৱস্থা কৰিব।