NORTHEAST NOW (Assamese)
অসম

শিলচৰত ৩ মাৰ্চৰ পৰা নৰেশ চন্দ্ৰ পাল সোঁৱৰণী সৰ্বভাৰতীয় একাংকিকা নাটক প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ March 2, 2018 9:08 pm

শিলচৰত ৩ মাৰ্চৰ পৰা আয়োজন কৰা হৈছে ৩৮ সংখ্যক নৰেশ চন্দ্ৰ পাল সোঁৱৰণী একাংকিকা নাটক প্ৰতিযোগিতা।

সৰ্বভাৰতীয় ভিত্তিত আয়োজন কৰা এই প্ৰতিযোগিতাখনত ভাৰতৰ বিভিন্ন ঠাইৰ অভিনেতা তথা নাট্যদলে অংশগ্ৰহণ কৰিব বুলি জনাইছে আয়োজকসকলে।

সাংস্কৃতিক সংগঠন ৰূপমে আয়োজন কৰা এই অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ হ’ব বাংলাদেশৰ ঢাকাৰ বিখ্যাত নাট্য দল নাট্যধাৰা।

শিলচৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃ্হত প্ৰতি সন্ধিয়া ৫ বজাৰ পৰা এই নাটসমূহ প্ৰদৰ্শিত হ’ব।

শিলচৰত এক সংবাদমেলযোগে এই কথা জনাইছে আয়োজক সমিতিৰ সভাপতি প্ৰদীপ দত্ত ৰয়কে ধৰি বিষয়ববীয়াসকলে।