NORTHEAST NOW (Assamese)
অসম

গৌৰীসাগৰত পথ দুৰ্ঘটনাত আহত ছাত্ৰৰ চিকিৎসালয়ত মৃত্যু

Posted by: ৰাজীৱ দত্ত March 2, 2018 8:56 pm
Mrinanka Dutta

যোৱা বৃহস্পতিবাৰে বন্ধুৱেকৰ বায়েকৰ বিয়া খাবলৈ গৈ ঘূৰি আহোতে দুৰ্ঘটনাত পতিত হোৱা শিৱসাগৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰ তথা ক্ৰিকেট খেলুৱৈ মৃনাংক দত্তৰ আজি ডিব্ৰুগড়ৰ এখন বেচৰকাৰী নাৰ্ছিং হোমত মৃত্যু হয়। ছাত্ৰজনৰ মৃত্যুৱে সমগ্ৰ শিৱসাগৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

জানিব পৰামতে মগৰাহাট গড়কাষৰীয়া গাৱঁৰ শিক্ষয়িত্ৰী দিপালী দত্ত নেওগৰ পুত্ৰ মৃনাংক দত্তই যোৱা বৃহস্পতিবাৰে লগৰ এজনৰ বায়েকৰ বিয়া খাবলৈ গৈ ঘূৰি আহোঁতে নিজৰ বাইকখনেৰে (As-04N-5366) এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে।

বেয়াকৈ আঘাতপ্ৰাপ্ত মৃনাংকক ৰাইজ আৰু আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ স্থানান্তৰ কৰা হয়।

কিন্তু গুৰুতৰভাৱে আহত হোৱা মৃনাংকই এনিশাৰ পিছতে শেষ নিঃশ্বাস ত্যাগ কৰে। তেওঁ শিৱসাগৰ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ষষ্ঠ ষণ্মাষিকৰ ছাত্ৰ আছিল। লগতে এজন ভাল ক্ৰিকেট খেলুৱৈও আছিল।

মৃত্যুৰ সময়ত মৃনাংকই অভিভাৱকৰ লগতে এজন ভায়েকক এৰি গৈছে। মৃনাংকৰ মৃত্যুত গোটেই অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।