NORTHEAST NOW (Assamese)
অসম

ভেন্সাৰক চিৰ বিদায়! প্ৰাথমিক-মাধ্যমিক, মাদ্ৰাছা-সংস্কৃত টোল ২-৩ মাহৰ ভিতৰত হ’ব প্ৰাদেশীকৰণ : আশ্বাস শিক্ষা মন্ত্ৰীৰ

Posted by: কল্পজ্যোতি শইকীয়া September 12, 2018 10:17 pm
Siddhartha-Bhattacharya-1-570x320

আজি জনতা ভৱনৰ শিক্ষা ব্লকত শিক্ষক কৰ্মচাৰীসকলৰ সৈতে অনুষ্ঠিত প্ৰাথমিক পৰ্য্যায়ৰ পৰা ডিগ্ৰী পৰ্য্যায়লৈকে তথা মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহক প্ৰাদেশীকৰণৰ জৰিয়তে ভেন্সাৰ শব্দটোক চিৰবিদায় দিব বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য যে কিছু দিন পূৰ্বে বৰ্তমানৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে ‘ভেন্সাৰ মানে কি?’ বুলি প্ৰশ্ন কৰিছিল। কিন্তু তাৰ বিপৰীতে আজি ভেন্সাৰ বিদ্যালয়ৰ প্ৰাসংগিকতা থকা বুলি শিক্ষক কৰ্মচাৰীসকলৰ সৈতে হোৱা আলোচনা চক্ৰত উল্লেখ কৰা বুলি শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

ইয়াৰোপৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে ভেন্সাৰ স্কুলৰ শিক্ষকসকলে বিদ্যালয়সমূহত অতি কষ্টৰে সেৱা আগবঢ়াই অহা বুলি স্বীকাৰ কৰা বুলিও সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, অহা ২-৩ মাহৰ ভিতৰতে আইনৰ গণ্ডীৰ মাজত তথা বিভিন্ন দিশসমূহ চালি-জাৰি চাই অপ্ৰাদেশীকৃত বিদ্যালয়সমূহক প্ৰাদেশীকৰণ কৰাৰ আশ্বাস দিয়ে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, দিৰ্ঘদিন ধৰি ভেন্সাৰ বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰাৰ উপৰিও অন্যান্য কেতবোৰ দাবীৰে আন্দোলন চলাই নিয়া শিক্ষক কৰ্মচাৰীসকলে যোৱা ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস উৎযাপন পৰিহাৰ কৰি ৰাজভৱন চলৌ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল। তাৰ পাছতেই শিক্ষা মন্ত্ৰীগৰাকীয়ে ১২ ছেপ্তেম্বৰত  তেওঁলোকৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

আজিৰ বৈঠকত শিক্ষা আইনত থকা আসোঁৱাহসমূহ দূৰ কৰা হ’ব বুলিও শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই প্ৰতিশ্ৰুতি প্ৰদান কৰে শিক্ষক-কৰ্মচাৰীসকলক। লগতে আইনত থকা কিছুমান বিষয় তথা দফাৰ সংশোধন কৰা হ’ব বুলিও শিক্ষা মন্ত্ৰীগৰাকীয়ে শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চক আশ্বাস দিয়ে।

আনহাতে ঐক্য মঞ্চৰ সাধাৰণ সম্পাদকগৰাকীয়ে নৰ্থ ইষ্ট নাওক জনোৱা মতে আলোচনা কালছোৱাত শিক্ষা মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক ৰাজপথত ওলাই আহিব নালাগে বুলি আহ্বান জনায়। ইয়াৰ বিপৰীতে শিক্ষা মন্ত্ৰী আৰু শিক্ষক-কৰ্মচাৰীয়ে আলোচনাৰ মাধ্যমেৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে শিক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁলোকক আলোচনাকালত আহ্বান জনায়।

ইয়াৰোপৰি হিন্দী আৰু আৰবী শিক্ষকে মাধ্যমিক পৰ্য্যায়ত সম্পূৰ্ণৰূপে বিদ্যালয়ত উপস্থিত থকা বাবে তেওঁলোকক অতিৰিক্ত শিক্ষক হিচাপে ধৰি লোৱা ধাৰণাটো ভুল বুলি স্বীকাৰ কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে। গতিকে হিন্দী আৰু আৰবী বিষয়ৰ শিক্ষকসকলকো প্ৰাদেশীকৰণৰ কৰিবৰ বাবে আলোচনাচক্ৰত উপস্থিত থকা শিক্ষা বিষয়াসকলক শিক্ষা মন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

উক্ত আলোচনা চক্ৰত শিক্ষা মন্ত্ৰীৰ লগত শিক্ষা বিভাগৰ আয়ুক্তকে মুখ্য কৰি বহুকেইজন শিক্ষা বিষয়া আৰু শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ হৈ ২৫ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।