NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ কোনো সিদ্ধান্ত লোৱা নাই বিত্ত মন্ত্ৰ্যালয়ে

May 11, 2020 7:10 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই বুলি আজি বিত্ত মন্ত্ৰ্যালয়ে স্পষ্ট কৰি দিয়ে।

দৰমহা কৰ্তন সন্দৰ্ভত ওলাই থকা খবৰৰ কোনো ভিত্তি নাই বুলি মন্ত্ৰ্যালয়ে স্পষ্ট কৰি টুইযোগে কয় যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কোনো কৰ্মচাৰীৰে দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাই।

ইয়াৰ উপৰি কয় যে দৰমহা কৰ্তন সন্দৰ্ভত একাংশ সংবাদ মাধ্যমে মিছা আৰু ভুৱা বাতৰি প্ৰচাৰ কৰি আছে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ বাবে দেশৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব লগীয়া মৰগীয়া বানচ ২০১২১ চনৰ জুলাই মাহলৈকে নিদিয়ে বুলি যোৱা মাহত ঘোষণা কৰিছিল।

মৰগীয়া বানচ কৰ্তন কৰাৰ পিছৰে পৰা একাংশ মিডিয়াই প্ৰচাৰ কৰি আছিল যে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহাৰ ৩০ শতাংশ ধন কৰ্তন কৰা হ’ব। আৰু আজি বিত্ত মন্ত্ৰ্যালয়ে এই খবৰ সম্পূৰ্ণ মিছা বুলি স্পষ্ট কৰি দিয়ে।

Related News