NORTHEAST NOW (Assamese)
দেশ

অন্তকন্দলত জুৰুলা INDIA জোঁট! মমতাৰ ঘোষণাঃ তৃণমূলে অকলেই খেলিব নিৰ্বাচন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 24, 2024 2:31 pm
INDIA Mamata Banerjee

লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই ৰণত পৰিছে বিৰোধীৰ ঐক্যবদ্ধ মিত্ৰজোঁট INDIA। মিত্ৰজোঁটৰ ভিতৰত চলি থকা খামখেয়ালি আজি প্ৰায় স্পষ্টৰূপত প্ৰতিফলিত কৰি তুলিছে INDIAৰ অন্যতম প্ৰধান অংশীদাৰ তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ মন্তব্যত।

নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত মমতা বেনাৰ্জীয়ে আজি কৰিছে এক বিস্ফোৰণ। INDIA জোঁটৰ ভৱিষ্যত প্ৰত্যক্ষভাৱে আশংকাৰ মাজলৈ ঠেলি দি মমতা বেনাৰ্জীয়ে আগন্তুক নিৰ্বাচনত তৃণমূল অকলেই অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰে।

মমতা বেনাৰ্জীৰ মন্তব্য, কংগ্ৰেছৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই আৰু নিৰ্বাচনত তৃণমূলে অকলে যুঁজিব। সৰ্বভাৰতীয় পৰ্যায়ত মিত্ৰতা সন্দৰ্ভত নিৰ্বাচনৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ স্পষ্টকৈ মন্তব্য কৰিছে যে পশ্চিম বংগৰ মুঠ ৪২খন লোকসভা আসনৰ প্ৰতিখনতে দলটোৱে প্ৰাৰ্থীত্ব আগবঢ়াব। তেওঁ লগতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু তেওঁৰ নেতৃত্বত চলি থকা কংগ্ৰেছৰ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ সন্দৰ্ভতো তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

বৃহস্পতিবাৰে কংগ্ৰেছৰ এই‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ বংগত প্ৰৱেশ কৰিব। এই প্ৰসংগত ‘তেওঁলোক মোৰ ৰাজ্যলৈ আহি আছে, কিন্তু মোক এই বিষয়ে জনোৱাৰ সৌজন্যতা নাই’ বুলি ক্ষোভ প্ৰকাশ কৰে মমতা বেনাৰ্জীয়ে।