NORTHEAST NOW (Assamese)
অসম

অনুষ্ঠিত নহয় অসম সাহিত্য সভাৰ এইবাৰৰ অধিৱেশন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী February 2, 2022 6:32 pm
অনুষ্ঠিত নহয় অসম সাহিত্য সভাৰ এইবাৰৰ অধিৱেশন

সমগ্ৰ দেশৰ লগতে অসমতো কোভডিৰ সংহাৰ অব্যাহত আছে।

এনে পৰিস্থিতিত ৰাজ্যৰ সৰ্ববৃহৎ সাহত্যিৰ অনুষ্ঠান অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ’ব নে নাই তাকেলৈ বহুতৰে মনত প্ৰশ্নৰ উদ্ৰেকে হৈ আহিছে।

এনে পৰিস্থিতিৰ মাজতে আজি অসম সাহত্যিসভাৰ সভাপতি কুলধৰ শইকীয়াই ঘোষণা কৰে যে অসম সাহিত্য সভাৰ এইবাৰৰ অধিবেশন অনুষ্ঠিত নহয়।

সভাপতি কুলধৰ শইকীয়াই নাৰায়ণপুৰত হ’বলগীয়া অধিবেশন পাতিব নোৱাৰে বুলি ঘোষণা কৰাৰ লগে লগে ইমান দিনে চলি অহা জল্পনা-কল্পনাৰ ওৰ পৰিল।