NORTHEAST NOW (Assamese)
অসম

ঋষিয়ে বিয়পাৱ ৰোগ! সৰযূৰ পাৰত অৰ্থহীন সামাজিক দূৰত্ব,মাস্কৰ ধাৰণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2020 2:22 pm
Sadhus

৫০০ বছৰৰ অপেক্ষাৰ অন্তত ৰাম মন্দিৰৰ শিলান্যাস হ’ব।

সেয়ে স্বাভাবিকতে উৎফুল্লিত সকলো।

আৱেগৰ বন্যাত উটি যোৱা ঋষি-মুনি সকলে সেয়ে পাহৰি গৈছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ কথা।  অযোধ্যাৰ সৰযূ নদীৰ পাৰত এতিয়া হাজাৰ হাজাৰ সাধুৰ ভিৰ।

ৰামৰ নামত ওলাই অহা সাধু সকলে মানি চলা নাই সামাজিক দূৰত্ব।

কাৰো মুখত নাই কোনো মুখা।

সৰযূ নদীৰ পাৰত সমৱেত হোৱা সাধু সকলৰ এটাই মতঃক’ৰ’ণা পৰা শ্ৰীৰামচন্দ্ৰই বচাব তেওঁলোকক। সেয়ে মাস্ক পিন্ধাৰ প্ৰয়োজনেই বা ক’ত?

সামাজিক দূৰত্বৰ কথাটো দলিয়াই পেলাই সাধু সকলে গাতে গা ঘঁহাই স্নান কৰিছে,ৰামৰ নাম জপ কৰিছে।

ভূমি পূজনৰ দিনা অযোধ্যাত সামাজিক দূৰত্বৰ বিষয়টো অৰ্থহীন হৈ পৰিব বুলি বিভিন্ন জনে পূৰ্বৰে পৰা আশংকা ব্যক্ত কৰি আহিছিল ।

আজি সৰযূ নদীৰ পাৰত সেই আশংকাই সঁচাত পৰিণত হ’ল।

সংবাদ মাধ্যমৰ লোক সকলৰ সীমা সৰযূ নদীয়েই।

সৰযূৰ পৰা আৰু আগুৱাই যাব নোৱাৰে কোনো সাংবাদিকে।

দেশ-বিদেশৰ বহু সাংবাদিক সমৱেত হৈছে সৰযূৰ পাৰত। সাধু সকলে সামাজিক দূৰত্বৰ বিষয়টো অৱজ্ঞা কৰাৰ বাবেই এতিয়া সাধুৰ পৰাই বহতৰে দেহলৈ ক’ৰ’ণা সংক্ৰমিত হোৱাৰ আশংকাই দেখা দিছে।