NORTHEAST NOW (Assamese)
অসম

হাবিৰে ভৰি পৰিছে জাঁজী-ডিমৌ ৩৭ নং ঘাইপথৰ দুয়োকাষ; পথচাৰী, চাইকেল আৰোহীৰ বাবে নাই কোনো ঠাই

Posted by: ৰাজীৱ দত্ত August 23, 2018 9:29 am
37 Highway at Sivasagar

শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌ পৰ্যন্ত ৩৭ নং ৰষ্ট্ৰীয় ঘাইপথত পৰা ৪৪  কি মি দৈৰ্ঘৰ পথাংশ চাৰিলেন যুক্ত পথলৈ সম্প্ৰসাৰিত কৰাৰ বাবে ২০১৬ চনৰ ১ মে’তে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে যোৰহাটত আধাৰশীলা স্থাপন কৰি ২০১৮ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু অতি আশ্বৰ্যকৰ বিষয় যে সুদীৰ্ঘ আঢ়ৈ বছৰৰ পিছতো পথ নিৰ্মাণৰ কাম একো আগ নাবাঢ়িল।

ইয়াৰ পৰিৱৰ্তে এতিয়া পথছোৱাৰ দুয়োকাষে ডাঠ জংঘল গজি উঠিছে, যাৰ ফলত পথটোৱেদি অহা যোৱা কৰা পথচাৰী, চাইকেল আৰোহী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে। জংঘল সমূহ চাফা নকৰাৰ ফলত দৈনিক হাজাৰোধিক লঘু-গুৰু যান-বাহন চলাচল কৰা সদা ব্যস্ত পথটোৱেদি পথচাৰী তথা চাইকেলে আৰোহী সকলে অতি শংকাৰে অহা যোৱা কৰিব লগীয়া হয়।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথটোক চাৰিলেন যুক্ত পথলৈ সম্প্ৰসাৰিত কৰাৰ নামত শিৱসাগৰ জিলা বন সংমণ্ডল বিভাগে নিৰ্দ্ধাৰিত সময়তেই জনসাধাৰণৰ সুবিধা অসুবিধালৈ লক্ষ্য নকৰি পথছোৱাৰ দুয়ো কাষে থকা বৃহৎ বৃহৎ মূল্যবান গছ সমূহ দৈনিক দীৰ্ঘ সময়লৈকে বিদ্যুৎ কৰ্তন কৰি হ’লেও  কাটি গৈছিল।

কিন্তু পিছলৈ মাজে সময়ে পথটো কিছু মেৰামতি কৰাৰ বাহিৰে ইয়াৰ কাষত গজি উঠা ডাঠ জংঘল সমূহ চাফা নকৰাত দুয়োকাষ এতিয়া পুনৰ ডাঠ জংঘলেৰে ভৰি পৰিছে। ডাঠ জংঘলৰ সুবিধা লৈ কোনো দুস্কৃতিকাৰীয়ে যি কোনো মূহূৰ্ততে  দুস্কাৰ্য চলাব পাৰে বুলিও স্থানীয় ৰাইজে শংকা প্ৰকাশ কৰিছে।