NORTHEAST NOW (Assamese)
অসম

কমতাপুৰ প্ৰসংগত পুনৰ সৰৱ আক্ৰাছু; ২৮ আগষ্টত ‘প্ৰতাৰণা দিৱস’, ২৯ৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধ

Posted by: এন ই নাও নিউজ August 23, 2018 7:27 am
Our-demands-2

জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগত পুনৰ সৰৱ হৈ পৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু । সংগঠনটোৱে বিভিন্ন সময়ত এই দুটা প্ৰসংগক লৈ আন্দোলন, ধৰ্ণা, বন্ধ, পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংগঠনটোৱে বুধবাৰে এক সংবাদমেল যোগে প্ৰকাশ কৰে।

আক্ৰাছুৰ বঙাইগাঁও বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি অহা ২৮ আগষ্টত ৰাজহুৱা স্থানত ক’লা পতাকা উত্তোলন কৰি ৰাজ্যজুৰি পালন কৰিব ‘প্ৰতাৰণা দিৱস’।

আনহাতে ২৯ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ৩৬ ঘণ্টীয়া অসম তথা কমতাপুৰ বন্ধৰ আহ্বান জনায়। ইয়াৰ পাছতো যদি চৰকাৰে কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে অহা ১০ ছেপ্তেম্বৰৰ পুৱা ৫ বজাৰ পৰা ১০০ ঘণ্টীয়া চকাবন্ধ কাৰ্যসূচী পালন কৰা  হ’ব।

ইফালে ইমানবোৰ কাৰ্যসূচীৰ পাছতো যদি চৰকাৰে ইতিবাচক সিদ্ধান্ত নলয় তেন্তে অহা ২৭ ছেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্টকালীনভাৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংগঠনটোৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে সংবাদমেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে জানিবলৈ দি কয় যে ১৯৪৯ চনৰ ২৮ আগষ্টত কোচবিহাৰ ৰাজ্য আৰু ভাৰত চৰকাৰৰ মাজত চুক্তি অনুষ্ঠিত হৈ কোচবিহাৰ ৰাজ্য ভাৰতৰ সৈতে চামিল হৈছিল। আৰু চুক্তি অনুসৰি ভাৰত চৰকাৰে কোচবিহাৰক ‘গ’ শ্ৰেণীৰ ৰাজ্য হিচাপে স্বীকৃতি দিব লাগিছিল যদিও আজি পৰ্যন্ত মৰ্যাদা নোপোৱাত সেয়ে উক্ত দিনা ‘প্ৰতাৰণা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছো।

জানিব পৰা মতে ২১ আগষ্টৰ দিনা বঙাইগাঁৱত আক্ৰাছু আৰু ইয়াৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাতে এই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়।