NORTHEAST NOW (Assamese)

তিনিগৰাকী মাৰ্কিন অৰ্থনীতিবিদলৈ ২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা

October 10, 2022 8:43 pm · এন ই নাও নিউজ,গুৱাহাটী

সাহিত্য, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান আদিৰ ন’বেল বঁটা ঘোষণা কৰাৰ পিছত আজি চুইডেনৰ নবেল কমিটিয়ে অৰ্থনীতিৰ ন’বেল বঁটা লাভ কৰা ব্যক্তিৰ নাম ঘোষণা কৰে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এইবেলিও যোৱাবাৰৰ দৰে তিনিগৰাকী অৰ্থনীতিবিদলৈ ন’বেল বঁটা প্ৰদান কৰা হৈছে।

উল্লেখ্য ২০২১ চনত তিনিজন মাৰ্কিন অৰ্থনীতিবিদ – ডেভিদ কাৰ্ড, যিহোচুৱা ডি এংৰিষ্ট আৰু গুইডো ডব্লিউ ইমবেন্সক অৰ্থনীতিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছিল।আজি ঘোষণা কৰা হ’ল ২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা প্ৰাপকৰ নাম। তিনিগৰাকী মাৰ্কিন অৰ্থনীতিবিদ ক্ৰমে বেন বেৰ্ণাঙ্কে, ডগলাছ ডায়মণ্ড আৰু ফিলিপপে ডিবভিগ।

বিকাশ আৰু বিত্তীয় দুৰ্দশাৰ ক্ষেত্ৰত বেংকৰ ভূমিকা কি? এখন দেশৰ বিত্তীয় অৱস্থা কেনেদৰে সেই দেশৰ বেংকৰ পেছাদাৰী দক্ষতা আৰু কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে, এনেবোৰ কাৰকে অৰ্থনীতিক কেনেদৰে প্ৰভাৱান্বিত কৰে ইত্যাদি প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি কৰা অধ্যয়ন তথা গৱেষণাৰ বাবেই বেন বেৰ্ণাঙ্কে, ডগলাছ ডায়মণ্ড আৰু ফিলিপ ডিবভিগক এই বছৰ অৰ্থনীতিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে। সোমবাৰে চুইডেনৰ নবেল কমিটয়ে (ৰয়েল চুইডিছ একাডেমী) কয় “তিনিওজন অৰ্থনীতিবিদে অৰ্থনীতিত বেংকৰ ভূমিকা, বিশেষকৈ বিত্তীয় সংকটৰ সময়ত বজাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণতা কাৰ্যকলাপ বুজাত এক গুৰুত্বপূৰ্ণ কাম কৰিছে,” ।

৬৮ বছৰীয়া বেৰ্ণাঙ্কে ৱাশ্বিংটন ডি.চি.-ৰ ব্ৰুকিংছ ইনষ্টিটিউচনৰ গৱেষক। ডগলাছ ডায়মণ্ড চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক। ৬৭ বছৰীয়া ফিলিপ ছেইণ্ট লুইছৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত কৰ্মৰত।

ন’বেল বঁটা ১০ ডিচেম্বৰত প্ৰদান কৰা হ’ব। এই বঁটাৰ মুঠ ধন ১০ নিযুত চুইডিছ ক্ৰ’নাৰৰ (প্ৰায় ১ নিযুত ডলাৰ বা ৭.৫ কোটি টকা) তিনিওগৰাকী বঁটা প্ৰাপকৰ মাজত সমানে ভগাই দিয়া হ’ব। ১৯৮০ চনৰ দশকৰ আৰম্ভণিৰ পৰা তিনিওজন অৰ্থনীতিবিদে তেওঁলোকৰ গৱেষণাৰ জৰিয়তে বিত্তীয় সংকটৰ মোকাবিলা কৰাত বেঙ্কৰ বহুমুখী ভূমিকাৰ বিষয়ত আলোকপাত কৰি আহিছে।

Related News