NORTHEAST NOW (Assamese)
অসম

৩ বিজ্ঞানীলৈ ২০২১ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2021 5:24 pm
2021 Nobel Prize for physics

২০২১ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী সকলৰ নাম আজি ঘোষণা কৰা হৈছে।
এই বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা জাপান, জাৰ্মানী আৰু ইটালীৰ তিনি বিজ্ঞানীলৈ প্ৰদান কৰা হৈছে।

জাপানৰ ৯০ বছৰীয়া চেউকুৰো মানেবে আৰু জাৰ্মানীৰ ৮৯ বছৰীয়া ক্লাউছ হেচেলমেনক “পৃথিৱীৰ জলবায়ুৰ ভৌতিক আৰ্হি প্ৰস্তুত কৰা, পৰিৱৰ্তনশীলতাৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু বিশ্বাসযোগ্যভাৱে গোলকীয় উষ্ণতাৰ ভৱিষ্যতবাণী কৰা” শীৰ্ষক গৱেষণাৰ বাবে নোবেল বঁটা লাভ কৰিছে।

আনহাতে ইটালীৰ ৭৩ বছৰীয়া জৰ্জিঅ’ পেৰিছক তেওঁৰ “পাৰমাণৱিকৰ পৰা গ্ৰহীয় স্কেললৈ ভৌতিক প্ৰণালীৰ বিশৃংখলতা আৰু তাৰতম্যৰ আৱিষ্কাৰৰ” বাবে প্ৰদান কৰা হৈছে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা।

বিজয়ীসকলৰ নাম মঙলবাৰে ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছৰ চেক্ৰেটেৰী জেনেৰেল গোৰান হান্সনে ঘোষণা কৰে।

এই পুৰস্কাৰটোৰ সৈতে এটা সোণৰ পদক আৰু ১০ নিযুত চুইডিছ ক্ৰ’নাৰ প্ৰদান কৰা হয়।

১৮৯৫ চনত মৃত্যুবৰণ কৰা আলফ্ৰেড নবেলৰ ইচ্চাপত্ৰ অনুসৰি নোবেল বঁটা প্ৰদান কৰা হয় ।

সোমবাৰে নোবেল সমিতিয়ে আমেৰিকান ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাটাপুটিয়ানৰ নাম “মানৱ শৰীৰে উষ্ণতা আৰু স্পৰ্শ কেনেদৰে অনুভৱ কৰে”- গৱেষণাৰ বাবে ফিজিঅ’লজীৰ নোবেল পুৰস্কাৰ বিজয়ী হিচাপে ঘোষণা কৰিছিল ।

আগন্তুক দিনত ২০২১ বৰ্ষৰ ৰসায়ন বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত নোবেল বঁটা বিজয়ীৰ নাম ঘোষণা কৰা হ’ব।