NORTHEAST NOW (Assamese)
Popular Stories

ঘোষণা হ’ল  ২০২৫ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 7, 2025 6:25 pm

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্চ’সে আজি ঘোষণা কৰিছে যে ২০২৫ চনৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা। এৈ বৰ্ৰষত বিজ্ঞানী জন ক্লাৰ্ক, মিচেল এইচ. ডেভ’ৰেট আৰু জন এম. মাৰ্টিনিছলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ ন’বেল বঁটা। বৈদ্যুতিক বৰ্তনীত মেক্ৰ’স্কোপিক কোৱাণ্টাম মেকানিকেল টানেলিং আৰু শক্তি কোৱাণ্টাইজেচনৰ আৱিষ্কাৰৰ বাবে আগবঢ়োৱা হৈছে এই সম্মান।

উল্লেখ্য যে  তেওঁলোকৰ পৰীক্ষাসমূহে ধৰণীয় বৈদ্যুতিক বৰ্তনীত কোৱাণ্টাম প্ৰভাৱক প্ৰদৰ্শন কৰিছে, যি কোৱাণ্টাম মেকানিক্সৰ অদ্ভুত বৈশিষ্ট্যসমূহক হাতত ধৰা সম্ভৱ কৰিছে। ন’বেল কমিটিৰ অধ্যক্ষ অ’লি এৰিকছন কৈছে, “কোৱাণ্টাম মেকানিক্স হৈছে সকলো ডিজিটেল প্ৰযুক্তিৰ ভিত্তি।” এই আৱিষ্কাৰসমূহে কোৱাণ্টাম কম্পিউটিং, ক্ৰিপ্টোগ্ৰাফী আৰু চেন্সৰৰ দৰে নতুন প্ৰযুক্তিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

জন ক্লাৰ্ক হৈছে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলীৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক এমেৰিটাছ। মিচেল এইচ. ডেভ’ৰেট যেল বিশ্ববিদ্যালয় আৰু কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, চান্তা বাৰ্বাৰাত কৰ্মৰত। জন এম. মাৰ্টিনিছো কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, চান্তা বাৰ্বাৰাৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক এমেৰিটাছ। ঘোষণাৰ পিছত ক্লাৰ্কে কয় যে এইটো জীৱনৰ সৰ্বাধিক অভিজ্ঞতা।

উল্লেখ্য যে, ২০২৪ চনৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা ৮ অক্টোবৰত ঘোষণা কৰা হৈছিল। ইয়াত জন জে. হপফিল্ড আৰু জিঅ’ফ্ৰে হিন্টনক যৌথভাৱে প্ৰদান কৰা হৈছিল কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ জৰিয়তে মেচিন লাৰ্নিং সক্ষম কৰা মৌলিক আৱিষ্কাৰ আৰু উদ্ভাৱনৰ বাবে। হপফিল্ডে এছ’চিয়েটিভ মেমৰি চিষ্টেম বিকশিত কৰিছিল যিয়ে তথ্য সংৰক্ষণ আৰু পুনৰ্গঠন কৰিব পাৰে, আনহাতে হিন্টনে বল্টজমেন মেচিনসমূহক অনুকূল কৰি মেচিন লাৰ্নিংৰ ভিত্তি স্থাপন কৰিছিল।