NORTHEAST NOW (Assamese)

গোলাঘাটত অপ্ৰাদেশিকৃত শিক্ষকৰ অৱস্থান ধৰ্মঘট; শীঘ্ৰে পদ প্ৰদেশিকীকৰণৰ দাবী

September 21, 2021 2:23 pm · মীনাক্ষী ফুকন
ফটো: নৰ্থইষ্ট নাও।

গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সদ্য প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত সহকাৰী শিক্ষক কল্যাণ সমিতিৰ দ্বাৰা আজি  গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

সহকাৰী শিক্ষক কল্যাণ, গোলাঘাট জিলা সমিতি আৰু বিভিন্ন অৰাজনৈতিক জাতীয় সংগঠনৰ সহযোগত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে l

শিক্ষামন্ত্ৰী হায় হায়, অতি শীঘ্ৰে পদ প্ৰাদেশিকীকৰণ কৰক আদি বিভিন্ন শ্ল’গানেৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক সমাজে।

Related News