NORTHEAST NOW (Assamese)
অসম

নুনমাটি আৰক্ষীৰ বৃহৎ সাফল্য; ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৫জনক গ্ৰেপ্তাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 13, 2020 6:47 am
WhatsApp Image 2020-06-13 at 4.58.53 AM

শুকুৰবাৰে দিন দুপৰতে মহানগৰীৰ নুনমাটিত সংঘটিত হত্যাকাণ্ডৰ তদন্তত বৃহৎ সাফল্য লাভ কৰিছে নুনমাটি আৰক্ষীয়ে।

ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত নুনমাটি আৰক্ষীয়ে পাঁচজনক গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্ত হুছেইন আলি, দুলাল আলি, ইব্ৰাহিম আলি, মনোৱাৰা খাতুন আৰু আৰমান আলিক গ্ৰেপ্তাৰ কৰে নুনমাটি আৰক্ষীয়ে।

আৰমান আলি ঘটনা সংঘটিত হোৱা দোকানখনৰ স্বত্ত্বাধিকাৰী আৰু হুছেইন আলি কৰ্মচাৰী।

ধৃত লোককেইজনৰ বিৰুদ্ধে নুনমাটি আৰক্ষীয়ে ২৯৪/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৯/৩০২ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰে।

বৰ্তমান নুনমাটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, গুৱাহাটীৰ নুনমাটিত কালি দিন দুপৰতে ঋতুপৰ্ণক চুৰিৰে আঘাত কৰি হত্যা কৰিছিল।

নুনমাটিস্থিত আৰমাণ্ড হোম ফাৰ্নিছিং নামৰ দোকান খনৰ সন্মুখত তিনিজন লোকে ডিঙি ৰেপি হত্যা কৰে ঋতুপৰ্ণ পেগুক।

সমগ্ৰ ঘটনা দোকান খনৰ cctv ত বন্দী হৈ আছিল আৰু নুনমাটি আৰক্ষীয়ে cctv ফুটেজ পৰীক্ষা কৰি আটাইকেজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।