NORTHEAST NOW (Assamese)
অসম

৬ বছৰীয়া শিশুক যৌন নিৰ্যাতন : নাৰেংগীৰ কমলাবাগানৰ সমীৰ বৰ্মন নামৰ এজনক গ্ৰেপ্তাৰ

Posted by: মুকুট দাস August 24, 2018 10:13 pm
Assam police rescue 13 trafficked persons from sex traders in Bihar

৬ বছৰীয়া এটি কন্যা শিশুক যৌন নিৰ্যাতন চলোৱা বুলি উঠা অভিযোগৰ ভিত্তিত আজি নুনমাটি আৰক্ষীয়ে নাৰেংগীৰ কমলাবাগানৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ৪০ বছৰীয়া ব্যক্তিজনৰ নাম সমীৰ বৰ্মন।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, এই সমীৰ বৰ্মনে ঘৃণনীয় কাণ্ড সংঘটিত কৰিছিল যোৱা ২২ আগষ্টতেই। উক্ত দিনা দিনৰ ১১.৩০ বজাত বৰ্মনে কন্যা শিশুটিক ফুচুলাই নিজৰ ঘৰলৈ নি এই পৈশাচিক কাণ্ড কৰে।

পিছদিনা শিশুটিয়ে মাকৰ আগত সেই কথা প্ৰকাশ কৰে। পিছত স্থানীয় লোকে বৰ্মনৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দিয়ে। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বৰ্মনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত N 496/18 নম্বৰৰ এটা গোচৰ ৰুজু কৰে।

আজি আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে।