NORTHEAST NOW (Assamese)

বন্ধৰ ফলত নামনি অসমত ব্যাহত স্বাভাৱিক জীৱন-যাত্ৰা

January 27, 2020 9:10 am · এন ই নাও নিউজ
Updated: January 27, 2020 9:15 am
ফাইল ফটো: নৰ্থইষ্ট নাও

সোমবাৰে আহ্বান দিয়া ১২ ঘন্টীয়া অসম বন্ধৰ ফলত নামনি অসমত স্বাভাৱিক জীৱন-যাত্ৰা প্ৰভাৱিত হৈ পৰিছে।

ৰাজ্যখনৰ বিটিএডি আৰু আন তিনিখন জিলাৰ অঞ্চল সামৰি কেন্দ্ৰীয় শাসিত পৰিষদ (য়ুটিচি) গঠনৰ বিৰোধিতা কৰি কেইবাটাও সংগঠনে এই বন্ধৰ আহ্বান দিছে।

উল্লেখ যে কেন্দ্ৰই সোমবাৰে নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বডোলেণ্ড (এন ডি এফ বি)ৰ গোটসমূহৰ সৈতে আন এখন চুক্তি কৰিবলৈ সাজু হৈছে।

বাতৰি অনুসৰি, চুক্তিৰ অংশ হিচাপে কেন্দ্ৰই বিটিএডিৰচাৰিখন জিলাক সামৰি  আৰু আন তিনিখন জিলাৰ অংশকলৈ কেন্দ্ৰীয় শাসিত পৰিষদ (য়ুটিচি) গঠনত অনুমোদন দিব পাৰে।

জানিব পৰা মতে, য়ু টি চিৰ অন্তৰ্ভুক্ত হ’বলগীয়া আন তিনিখন জিলা হৈছে শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলা।

আজিৰ বন্ধৰ আহ্বান দিয়া সংগঠনকেইটাৰ ভিতৰত আছে সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু), নাথ-যোগী ছাত্ৰ সন্থা, সদৌ বড়ো সংখ্যলঘু ছাত্ৰ সন্থা (এবিএএমছু), সদ্য আদিবাসী ছাত্ৰ সন্থা, অবড়ো সুৰক্ষা সমিতি আৰু কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা।

বন্ধৰ আহ্বান দিয়া সংগঠনকেইটাই সদৰী কৰে যে তেওঁলোকে য়ু টি চি গঠনৰ বিৰোধিতা কৰি ২৭ জানুৱাৰিৰ পৰা চৰকাৰে অঞ্চলটোত থকা অবড়ো লোকসকলৰ সৈতে ৰাজনৈতিক পৰ্যায়ত আলোচনা নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব।

আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়াই নৰ্থইষ্ট নাওক জানিবলৈ দিয়ে যে বিটিএডিত কেন্দ্ৰীয় শাসিত পৰিষদ (য়ু টি চি) গঠনৰ বাতৰি সম্পূৰ্ণ মিছা।

সূত্ৰসমূহে কয় যে কেন্দ্ৰই সোমবাৰে নতুন দিল্লীত এন ডি এফ বি বিদ্ৰোহীৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এখন শান্তি চুক্তিত স্বাক্ষৰ কৰিব।

আন এক সূত্ৰ অনুসৰি, বিটিচিক এক বিশেষ মৰ্যাদাৰ সৈতে অধিকা স্বায়ত্ত শাসনৰ সুবিধা দিব পাৰে।

চৰকাৰী সূত্ৰক বিশ্বাস কৰিলে প্ৰস্তাৱিত চুক্তিত স্বায়ত্ত পৰিষদখনে ভূমিপুত্ৰসকলৰ বাবে অধিকাৰ অধিকাৰ লাভ কৰাৰ লগতে “বহিৰাগত’’সকলে অঞ্চলটোত কাম কৰাৰ বাবে “পাৰ্মিট’’ ল’ব লাগিব।

Related News