NORTHEAST NOW (Assamese)

বিহাৰত লকডাউনত আবদ্ধ যাত্ৰী আহি থকা উত্তৰ-পূব অভিমুখী ৰে’লত আক্ৰমণ

May 24, 2020 12:33 pm · এন ই নাও নিউজ

লকডাউনত আবদ্ধ লোকক আনি থকা উত্তৰ-পূব অভিমুখী এখন ৰে’লত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। একাংশ উন্মত্ত লোকে ৰে’লখনত আক্ৰমণৰ চেষ্টা চলায়।

দেওবাৰে পুৱা বিহাৰৰ দানাপুৰ ৰে’লৱে ষ্টেশ্যনত সংঘটিত হয় এই ঘটনা। ৰে’লখন হাৰিয়ানাৰ পৰা ডিমাপুৰ অভিমুখে আহি আছিল জানিব পৰা গৈছে।

বিহাৰৰ দানাপুৰ ষ্টেশ্যনত ৰে’লখন ৰখোৱাৰ পাছতেই একাংশ লোকে উঠিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকক ৰে’লখনৰ পৰা নামি যাবলৈ কোৱাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ ভিডিঅ’ নৰ্থ-ইষ্ট নাওৰ হাতত আহি পৰিছে।

ভিডিঅ’টোত উন্মত্ত লোকসকলে ৰে’লখনৰ খিৰিকিৰ গ্লাছ ভঙাৰ লগতে ৰে’লখন জ্বলাই দিয়াৰ ভাবুকি দিয়া দেখা যায়।

ৰে’লখনত অসম, নাগালেণ্ডৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যৰ যাত্ৰী আছিল। ৰে’লখনত আহি থকা যাত্ৰীয়ে এই ঘটনাৰ ভিডিঅ’ ৰেকৰ্ড কৰে।

ইপিনে ৰে’লখন প্ৰতি আধাঘন্টা মানৰ মূৰে মূৰে ৰখাই অহা বুলিও যাত্ৰীসকলে অভিযোগ কৰিছে, যাৰ বাবে তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল।

Related News