NORTHEAST NOW (Assamese)

১০০ কোটি টকা ব্যয়েৰে নতুন দিল্লীত স্থাপন হ’ব উত্তৰ-পূব সাংস্কৃতিক আৰু তথ্য কেন্দ্ৰ

September 27, 2019 10:11 pm · ৰূপা সৰকাৰ
ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত মন্ত্ৰ্যালয়টোৰ বিষয়াসকল আৰু উত্তৰ-পূব পৰিষদৰ বৈঠক। নতুন দিল্লীত, ২৭ ছেপ্টেম্বৰত।

ড’নাৰ মন্ত্ৰ্যালয়ে নতুন দিল্লীৰ দ্বাৰকা অঞ্চলত প্ৰায় ১০০ কোটি টকা ব্যয়েৰে উত্তৰ-পূব সাংস্কৃতিক আৰু তথ্য কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

আজি নতুন দিল্লীত ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ অধ্যক্ষতাত মন্ত্ৰ্যালয়টোৰ বিষয়াসকল আৰু উত্তৰ-পূব পৰিষদৰ এখন পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হয়।

প্ৰায় ১০০০ দৰ্শক বহিব পৰা এটা প্ৰেক্ষাগৃহৰ সৈতে থাকিব লগীয়া কেন্দ্ৰটোৰ আৰ্হি বৈঠকৰ সময়ত উপস্থাপন কৰা হয়।

সিঙে এই কেন্দ্ৰটোৱে দিল্লীত উত্তৰ-পূবৰ সাংস্কৃতিক আৰু তথ্য আদান-প্ৰদানৰ কেন্দ্ৰ হিচাপে কাম কৰিব বুলি মন্তব্য কৰে।

বৈঠকত বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত চলি থকা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ ওপৰত আলোচনা কৰি মন্ত্ৰীজনে মন্ত্ৰ্যালয়টোৰ অধীনত ৩২৫০ কোটি টকাৰ মুঠ ২০৫টা প্ৰকল্পত অনুমোদন, সম্পূৰ্ণকৃত আৰু চালু হ’ল বুলি জনায়।

মন্ত্ৰ্যালয়টোৰ অধীনত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জে এন য়ুত নিৰ্মাণ কৰিবলৈ লোৱা ২২৪টা কোঠাৰ হোষ্টেলটোৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলিও তেওঁ জনায়। ৪২৪জন ছাত্ৰ-ছাত্ৰী থকাৰ ব্যৱস্থাযুক্ত হোষ্টেলটোত ২৪টা কোঠা থাকিব দিব্যাংগ সকলৰ বাবে।

বৈঠকৰ মাজতে মন্ত্ৰীজনে নতুন কিছুমান দিশ সন্নিৱিষ্ট কৰা মন্ত্ৰ্যালয়টোৰ নতুন সংস্কৰণৰ Dashboard মুকলি কৰে। নতুন ডেছব’ৰ্ডটো মুকলি কৰি ইয়াক মন্ত্ৰ্যালয়টোৰ সকলো তথ্য পাব পৰা ৱান ষ্ট’প চেণ্টাৰ আখ্যা দিয়ে মন্ত্ৰী সিঙে।

Related News