NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

এইবাৰ কিম জঙৰ ভগ্নীৰ হুংকাৰ: পাৰমাণৱিক অস্ত্ৰৰে ধ্বংস কৰিব দক্ষিণ কোৰিয়া!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2022 6:05 pm
Kim Jong Un's Sister warn South Korea

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ হুমকিৰ কথা সকলোৰে জ্ঞাত। সময়ে সময়ে আমেৰিকা আৰু দক্ষিণ কোৰিয়াক ধমকি দি বাতৰিৰ চৰ্চালৈ আহি থাকে উন। পিছে এইবাৰ উন নহয়, উনৰ ভগ্নীয়েহে দিছে দক্ষিণ কোৰিয়াক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি।

কিম ইয়ো জঙে মঙলবাৰে কয় যে যদিহে দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াক আক্ৰমণ কৰে, তেতিয়া উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ সেনাক সমূলঞ্চে বিনাস কৰিবলৈ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব।

যোৱা সপ্তাহত দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা প্ৰধান চুহ ৱুকে কৰা মন্তব্যৰ পিছত কিম ইয়ো জঙে এইদৰে প্ৰত্যুত্তৰ দিয়াৰ ঘটনাই তাৎপৰ্য বহন কৰিছে।

চুহে শুক্ৰবাৰে দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীৰ ওচৰত উত্তৰ কোৰিয়াৰ যিকোনো লক্ষ্যত সঠিকভাৱে আৰু দ্ৰুততাৰে আঘাত কৰাৰ সামৰ্থ্য থকা মিছাইল আছে বুলি মন্তব্য কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত কিম ইয়ো জঙে কয় যে উন্মাদ চুহ ৱুকে পাৰমাণৱিক শক্তিধৰ উত্তৰ কোৰিয়াৰ বিৰুদ্ধে প্ৰাক-আক্ৰমণৰ বিষয়ে আলোচনা কৰাটো অতি ডাঙৰ ভুল।

তেওঁ লগতে কয়, “যদি দক্ষিণ কোৰিয়াই আমাৰ সৈতে সামৰিক সংঘৰ্ষৰ সিদ্ধান্ত লয়, তেতিয়া আমাৰ পাৰমাণৱিক যুঁজাৰু বাহিনীয়ে অৱশ্যেই নিজৰ কৰ্তব্য পালন কৰিব লাগিব।”

কিম ইয়ো জঙে কয় যে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক বাহিনীৰ প্ৰাথমিক দায়িত্ব হৈছে প্ৰতিৰোধক হিচাপে কাম কৰা। কিন্তু যদি সশস্ত্ৰ সংঘৰ্ষ আৰম্ভ হয়, তেতিয়া এনে অস্ত্ৰসমূহ আক্ৰমণত শত্ৰুৰ সশস্ত্ৰ বাহিনীক নিৰ্মূল কৰিবলৈ ব্যৱহাৰ কৰা হ’ব।

যদি দক্ষিণ কোৰিয়াই এই দুৰ্যোগ প্ৰতিহত কৰিব বিচাৰে তেতিয়া নিজকে অনুশাসন কৰা উচিত বুলিও দক্ষিণ কোৰিয়াক সতৰ্ক কৰি দিয়ে ইয়ো জঙে।

সম্প্ৰতি ৰাছিয়া-ইউক্ৰেইন যুদ্ধই সমগ্ৰ বিশ্ব সম্প্ৰদায়ক চিন্তিত কৰি ৰখাৰ মুহূৰ্ততে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজৰ এই বাকযুদ্ধই আন এক চিন্তাৰ ফালে ঠেলি দিছে।