NORTHEAST NOW (Assamese)

উত্তৰ লখিমপুৰৰ আবু আদিল লুতফুল হক বৰুৱা আৰু নাই

June 2, 2019 7:41 pm · ফাৰহানা আহমেদ
প্ৰয়াত হক বৰুৱা। ছবি-- ফাৰহানা আহমেদ।

উত্তৰ লখিমপুৰ চহৰৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অধ্যাপক আবু আদিল লুতফুল হক বৰুৱা আৰু নাই।

সামান্য অসুস্থতাৰ পিছত শনিবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

চিকিৎসালয়ৰ পৰা নশ্বৰ দেহ অনাৰ পিছত উত্তৰ লখিমপুৰ চহৰৰ কবৰস্থানত দেওবাৰে তেওঁৰ জানাজা সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত হক বৰুৱাৰ বয়স হৈছিল ৬৬বছৰ।

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বৰুৱা কৃষি বিজ্ঞানৰ অতি চোকা ছাত্ৰ আছিল। তেওঁ স্নাতকোত্তৰ পৰীক্ষাত সোণৰ পদক লাভ কৰিছিল।

বিশ্ববিদ্যালয়ৰ পূৰ্বে হক বৰুৱাই বিশ্বনাথ চাৰিআলিৰ কৃষি মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল।

তেখেতৰ মৃত্যুৱে চহৰখনত দুখৰ ছাঁ পেলাইছে।

Related News