NORTHEAST NOW (Assamese)

গুৱাহাটীত আজিৰ পৰা আৰম্ভ হ’ল ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা

November 9, 2018 10:14 pm · মুকুট দাস
ফটো : নৰ্থ-ইষ্ট নাও

চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আজিৰ পৰা আৰম্ভ হ’ল ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা । সাহিত্য অকাডেমি বঁটা প্ৰাপক তথা বিশিষ্ট সাহিত্যিক য়েছে দৰজে থংচিয়ে গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে।

গ্ৰন্থমেলাখন উদ্বোধন কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে নৱ প্ৰজন্মৰ মাজত কিতাপ পঢ়া সংস্কৃতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত জোৰ প্ৰদান কৰে। তেওঁ লগতে কোনো ডিজিটেল মাধ্যমে কিতাপৰ মাদকতা হ্ৰাস কৰিব নোৱাৰে বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে।

‘এখন কিতাপ পঢ়াৰ যি আমোদ সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি কিন্তু ডিজিটেল মাধ্যমত সেই আমোদ পোৱা নায়ায়’। এইদৰে কয় থংচিয়ে।

ইয়াৰ উপৰি থংচিয়ে কয়, ‘সাহিত্যৰ উন্নয়নৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। নতুন প্ৰজন্মই ফে’চবুকত প্ৰাসংগিক তথা গুৰুত্বপূৰ্ণ কথা ধুনীয়াকৈ উপস্থাপন কৰা মই দেখিছো। সাহিত্য উন্নয়নৰ ক্ষেত্ৰত ইণ্টাৰনেটে বিশ্বজুৰি এক জোঁৱাৰ আনিবলৈ সক্ষম হৈছে’।

ইফালে সদৌ অসম প্ৰকাশন আৰু গ্ৰন্থ বিক্ৰেতা সন্থাৰ সভাপতি অজিত কুমাৰ বৰ্মনে কয়, ‘গ্ৰন্থমেলা সমূহকলৈ চৰকাৰে কোনো বৈষম্যমূলক স্থিতি গ্ৰহণ কৰিব নালাগে। চৰকাৰে গুৱাহাটী গ্ৰন্থমেলাক সম্পূৰ্ণ সহায় আগবঢ়াইছে যিটো গ্ৰন্থমেলাখনৰ বাবে এটা ভাল খবৰ। কিন্তু একে সময়তে অন্যান্য গ্ৰন্থমেলা সমূহকো চৰকাৰে সহায়-সহযোগিতা আগবঢ়াব লাগে’।

লক্ষ্যণীয়ভাৱে সভাপতি বৰ্মনে গ্ৰন্থ উদ্যোগ সমূহ জীয়াই ৰখাৰ স্বাৰ্থত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুঠি বিতৰণৰ বিপৰীতে অন্য পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ কৰে। তেওঁ কয়, ‘বিনামূলীয়া পাঠ্যপুঠি বিতৰণ কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলক স্ক’লাৰশ্বীপ প্ৰদান কৰক। তেতিয়া হ’লে প্ৰকাশক আৰু বিক্ৰেতা গোষ্ঠীসমূহেও নিজৰ জীৱন জীয়াব পাৰিব’।

ইফালে ১২ দিনীয়াকৈ আয়োজিত উত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্বোধন কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, ফেডাৰেশ্যন অৱ পাব্লিচাৰ্ছ এণ্ড বুকছেলাৰ্ছ এছ’চিয়েশ্যন ইণ্ডিয়াৰ উপ সভাপতি মানস শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

Related News