NORTHEAST NOW (Assamese)

উত্তৰ-পূবলৈ বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ ২,৫৩৬.৯৬ কোটি টকা, ৰাজ্যসভাত সদৰী কৰিলে মন্ত্ৰী ৰাজ ভূষণ চৌধুৰীয়ে

August 3, 2026 7:55 pm · এন ই নাও নিউজ, গুৱাহাটী

২০২৬ চনৰ মাৰ্চ মাহলৈকে ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বান নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ ২৬৩ টা প্ৰকল্পৰ বাবে ‘বান ব্যৱস্থাপনা আৰু সীমান্ত অঞ্চল কাৰ্যসূচী’ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ২,৫৩৬.৯৬ কোটি টকা প্ৰদান কৰিছে। আজি ৰাজ্যসভাত জলশক্তি মন্ত্ৰালয়ে এই তথ্য সদৰী কৰে।

 

জলশক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাজ ভূষণ চৌধুৰীয়ে এক লিখিত উত্তৰত জনায় যে বান নিয়ন্ত্ৰণ আৰু খহনীয়া প্ৰতিৰোধৰ কাম মূলতঃ ৰাজ্য চৰকাৰসমূহেই ৰূপায়ণ কৰে, আনহাতে কেন্দ্ৰীয় চৰকাৰে এফ এম বি এ পিৰ জৰিয়তে বান নিয়ন্ত্ৰণ, খহনীয়া প্ৰতিৰোধ আৰু জলনিষ্কাশন ব্যৱস্থাৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে কাৰিকৰী নিৰ্দেশনা আৰু আৰ্থিক সাহায্য আগবঢ়ায় ।

 

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, কেন্দ্ৰীয় জল আয়োগে বৰ্তমান সমগ্ৰ দেশৰ ৩৬০ টা কেন্দ্ৰৰ পৰা হ্ৰস্বম্যাদী বানৰ আগজাননী দিয়ে, যাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৫৩ টা কেন্দ্ৰ (১৫ টা ইনফ্ল’ আৰু ৩৮ টা জলপৃষ্ঠৰ স্তৰৰ আগজাননী কেন্দ্ৰ) অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰিও আয়োগে এটা অৱবাহিকাভিত্তিক ‘ৰেইনফল-ৰানঅফ’ আৰ্হি প্ৰস্তুত কৰিছে, যিয়ে সাত দিন আগতেই বানৰ পূৰ্বানুমান দিব পাৰে আৰু প্ৰশাসনক উদ্ধাৰ অভিযান তথা দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাত সহায় কৰে।

 

এই আগজাননীসমূহ ‘ফ্লাড ৱাচ ইণ্ডিয়া’ ম’বাইল এপ্লিকেশ্যন, ছ’চিয়েল মিডিয়া আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সৈতে সংযুক্ত ‘কমন এলাৰ্ট প্ৰট’কল’ৰ জৰিয়তে দ্ৰুতভাৱে প্ৰচাৰ কৰা হয় বুলি মন্ত্ৰালয়ে জনায়। উত্তৰ-পূৰ্বাঞ্চলত নদী অৱবাহিকাৰ ব্যৱস্থাপনা আৰু বানৰ পূৰ্বানুমান ব্যৱস্থা অধিক সুদৃঢ় কৰিবলৈ চুবুৰীয়া দেশসমূহৰ সৈতেও জলবিজ্ঞান আৰু বতৰ বিজ্ঞান সম্পৰ্কীয় তথ্য বিনিময় কৰা হয়।

 

দীৰ্ঘম্যাদী বান নিয়ন্ত্ৰণ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে জলশক্তি মন্ত্ৰালয়ে ২০২৫ চনৰ আগষ্ট মাহত বানপানী প্ৰৱণ অঞ্চলসমূহৰ বৈজ্ঞানিক মূল্যায়ন আৰু নিয়ন্ত্ৰণৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ ‘ফ্লাড প্লেইন জ’নিং’ সন্দৰ্ভত কাৰিকৰী নিৰ্দেশনা প্ৰেৰণ কৰিছিল।

 

ব্ৰহ্মপুত্ৰ ব’ৰ্ডে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বান ব্যৱস্থাপনাৰ গাঠনিগত আৰু অগাঠনিগত ব্যৱস্থাসমূহ সামৰি ৫২ খন মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছে বুলিও মন্ত্ৰালয়ে জনায়। বানপীড়িত লোকসকলক ৰাজ্য চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি নিধি (ৰ জৰিয়তে তৎকালীন সাহায্য প্ৰদান কৰে, আনহাতে আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলৰ মূল্যায়নৰ পাছত গুৰুতৰ প্ৰকৃতিৰ দুৰ্যোগ হিচাপে চিহ্নিত হ’লে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি নিধিৰ পৰা অতিৰিক্ত সাহায্য আগবঢ়োৱা হয়।

Related News