NORTHEAST NOW (Assamese)
অসম

কলম, কম্পিউটাৰ মাউচ এৰি ২৫ জানুৱাৰিৰ পৰা খেলপথাৰত নামিব সাংবাদিক

Posted by: এন ই নাও নিউজ January 22, 2019 2:50 pm
judge field

অহা ২৫ জানুৱাৰিৰ পৰা ২ ফেব্ৰুৱাৰিলৈ গুৱাহাটীৰ জজ ফিল্ডত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে নৰ্থ-ইষ্ট মিডিয়া ক্ৰিকেট চেম্পিয়নশ্বিপ ট্ৰফী ২০১৯ৰ।

সংবাদ কৰ্মীসকলৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে দ্য এভাৰগ্ৰীণ গ্ৰুপে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে। উল্লেখ্য যে সংবাদ প্ৰতিষ্ঠানৰ কৰ্মীসকলৰ মাজত অনুষ্ঠিত হ’ব লগীয়া ক্ৰিকেট প্ৰতিযোগিতাখনত অসমৰ উপৰি মেঘালয় আৰু বৰাক উপত্যকাৰ দুটা দলেও অংশগ্ৰহণ কৰিব। 

৯ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া এই প্ৰতিযোগিতাখনত এভাৰগ্ৰীণ গ্ৰুপক সহায়-সহযোগিতা আগবঢ়াব শিক্ষা প্ৰতিষ্ঠান ছাই বিকাশ, এন ই এফ ল’ কলেজ, ডালমিয়া চিমেণ্ট, সত্য ছুপাৰ টি এম টি, ডানকিন, অ’ জেড এ, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, শ্যোহম, বিচ্ছুৰিত বৰ্ণালী, বৰ্ণালী অনলাইন আৰু প্ৰাগ নিউজ আদিয়ে।

ইফালে প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা বিচাৰিছে আয়োজক কমিটিৰ সভাপতি উদয় বৰগোহাঞি, সম্পাদক হিমাংশু অনুপমৰ  লগতে অন্যান্য বিষয়ববীয়াই।

প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন নিউজ ১৮ আছাম আৰু ভাল খবৰৰ মাজত অনুষ্ঠিত হ’ব বুলি আয়োজকে জানিবলৈ দিয়ে।