NORTHEAST NOW (Assamese)

আই এছ এলত অপৰাজেয় ধাৰা ভংগ নৰ্থ-ইষ্ট য়ুনাইটেডৰ; জামছেদপুৰ এফ চিৰ বিৰুদ্ধে ১-০ গ’লত পৰাস্ত

December 19, 2020 9:28 am · এন ই নাও নিউজ
উৎস-টুইটাৰ

চলিত বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাত অপৰাজেয় ধাৰা ভংগ হৈছে নৰ্থ-ইষ্ট য়ুনাইটেডৰ।

শুকুৰবাৰে নিশা জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেড ১-০ গ’লত পৰাস্ত হয়।

জামছেদপুৰ এফ চিৰ অনিকেত যাদৱে ৫৩ মিনিটত দিয়া একমাত্ৰ গ’লৰ সহায়েৰে নৰ্থ-ইষ্ট য়ুনাইটেডক পৰাস্ত কৰে জামছেদপুৰে।

ইয়াৰ পূৰ্বে খেলা ছয়খন খেলত নৰ্থ-ইষ্ট য়ুনাইটেড অপৰাজেয় হৈ আছিল।

নৰ্থ-ইষ্ট য়ুনাইটেডে বিগত ছয়খন খেলৰ ভিতৰত দুখনত বিজয়ী হোৱাৰ বিপৰীতে চাৰিখন খেল ড্ৰ খেলিছিল।

বৰ্তমান দলটোৱে সাতখন খেলৰ ভিতৰত দুখনত জয়, এখনত পৰাজয় আৰু চাৰিখনত ড্ৰ খেলি মুঠ ১০ পইণ্ট সংগ্ৰহ কৰিছে।

জামছেদপুৰ এফ চিৰ বিৰুদ্ধে পৰাস্ত হলেও পৰৱৰ্তী খেলৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড সম্পুৰ্ণ সাজু হ’ব বুলি খেলৰ অন্তত প্ৰশিক্ষক জেৰাৰ্ড নুছে মন্তব্য কৰে।

উল্লেখযোগ্য যে, শুকুৰবাৰে অনুষ্ঠিত হোৱা খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেডৰ ইদ্ৰিছা ছাইলাই পেনাল্টীৰ সুবৰ্ণ সুযোগ নষ্ট কৰে।

Related News