NORTHEAST NOW (Assamese)

আই এছ এল : আজি মুখামুখি হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড আৰু বেংগালুৰু এফ চি

January 12, 2021 4:02 pm · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

আই এছ এলৰ সপ্তম সংস্কৰণত আজি নৰ্থ-ইষ্ট য়ুনাইটেড আৰু বেংগালুৰু এফ চি মুখামুখি হ’ব। এই পৰ্যন্ত এইটো ছিজনত দুয়োটা দলৰে প্ৰদৰ্শন অত্যন্ত নিৰাশাজনক।

ছিজনৰ আৰম্ভণিতে দুয়োটা দলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল আৰু এটা সময়ত পইণ্ট তালিকাৰো শীৰ্ষ চাৰিত অধিষ্ঠিত হৈছিল এই দল দুটা।

বৰ্তমান দুয়োটা দল পইণ্ট তালিকাৰ শীৰ্ষ চাৰিৰ পৰা বাহিৰ হৈছে আৰু আজি জয়ৰ লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব।

উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে যোৱা দুখন আৰু বেংগালুৰু এফ চিয়ে একেৰাহে চাৰিখন মেচ পৰাস্ত হৈছে।

নৰ্থ-ইষ্ট য়ুনাইটেডতকৈ বেংগালুৰুৱে এক পইণ্ট বেছি সংগ্ৰহ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে। দুয়োটা দলে এই পৰ্যন্ত যিমানটা গ’ল কৰিছে তাতকৈ অধিক গ’ল খাইছে।

ইফালে যোৱা ছয়খন মেচত জয়ৰ মুখ দেখা নাই নৰ্থ-ইষ্ট য়ুনাইটেডে।

উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক জেৰাৰ্ড নুছ নিলম্বিত হোৱাৰ বাবে আজিৰ মেচখনত সহকাৰী প্ৰশিক্ষক এলিছন খাৰ্ছটিৱে দলৰ ৰণনীতি প্ৰস্তুত কৰিব।

Related News