NORTHEAST NOW (Assamese)

বুজি পালে নেপালে! চীনৰ নহয়, ভাৰতৰ ভেকচিনহে বিচাৰিলে দেশখনে

January 7, 2021 3:12 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

হাজাৰ চেষ্টা কৰিও যেন বিফল হ’বলৈ ধৰিছে চীন। জিনপিং প্ৰশাসনে বেইজিঙত প্ৰস্তুত কৰা ছিনোভ্যাক ভেকচিন নেপালত বিক্ৰীৰ বাবে কৰা সকলো আশাত চেচাপানী ঢালিলে অ’লি প্ৰশাসনে।

নেপালৰ অ’লি প্ৰশাসনে স্পষ্ট কৰি দিছে যে ভাৰতৰ পৰাহে তেওঁলোকে কৰ’নাৰ ভেকচিন ক্ৰয় কৰিব। চীনৰ ভেকচিনৰ ওপৰত তেওঁলোকৰ আস্থা নাই।

ভাৰতৰ সৈতে পুৰণি তিক্ততা পাহৰি সম্পৰ্ক উন্নত কৰি তোলাৰ বাবে নেপাল চৰকাৰ তৎপৰ হৈ পৰিছে। ইয়াৰেই অংশ হিচাপে নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ গয়ালি ভাৰত ভ্ৰমণলৈ আহিব।

অহা ১৪ জানুৱাৰিত নতুন দিল্লীত উপস্থিত হ’ব নেপালৰ বিদেশ মন্ত্ৰী গৰাকী। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে দুয়োখন দেশৰ দ্বিপাক্ষিক বৈঠকত অংশ ল’ব।

সূত্ৰসমূহৰ মতে, এই ভ্ৰমণৰ সময়ত নেপালৰ বিদেশমন্ত্ৰীগৰাকীয়ে ভেকচিনৰ ৰপ্তানি সন্দৰ্ভত নতুন দিল্লীৰ বিষয়াসকলৰ সৈতে আলোচনা কৰিব। তদুপৰি, ভেকচিন ক্ৰয়ৰ বিষয়টো চূড়ান্ত কৰিয়েই তেওঁ দেশলৈ উভতিব বিচাৰে।

উল্লেখ্য যে চীনৰ উচটনিত ভাৰতৰ বিৰুদ্ধে খোজ দিছিল নেপালে। কিন্তু নিজৰ ভুল বুজিব পাৰি সেয়া শুধৰোৱাৰ চেষ্টা কৰিছে দেশখনে। সেয়ে এতিয়া চীনক এৰি ভাৰতৰ সৈতে সম্পৰ্ক দৃঢ় কৰিব বাচাৰিছে নেপালে।

চীনত প্ৰস্তুত কৰা কৰ’নাৰ ভেকচিন ছিনোভ্যাক নেপালত বিক্ৰীৰ চেষ্টা কৰি আহিছে বেইজিঙে। কিন্তু এইক্ষেত্ৰত নেপাল সন্মত নহয়। ইয়াৰ পৰিৱৰ্তে ভাৰতৰ পৰা ১ কোটি ২০লাখ ড’জ ক্ৰয় কৰাৰ বিষয়ে আলোচনা চলি আছে।

Related News