NORTHEAST NOW (Assamese)

ৰাজহুৱা স্থানত আৰোগ্য সেতু এপ নোহোৱাকৈ ওলাই আহিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা অথবা ৬ মাহৰ কাৰাদণ্ড

May 5, 2020 4:45 pm · এন ই নাও নিউজ
আৰোগ্য সেতু এপ

নয়ডা আৰু গ্ৰেটাৰ নয়ডাৰ ৰাজহুৱা স্থানত আৰোগ্য সেতু এপ নোহোৱাকৈ ওলাই আহিলে ইয়াক ল’কডাউন ভংগ কৰাৰ সমপৰ্যায়ৰ অপৰাধ হিচাপে গণ্য কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ডি চি পি আশোতোষ দিভেন্দিয়ে।

এই ক্ষেত্ৰত আৰোগ্য সেতু এপ নোহোৱাকৈ ৰাজহুৱা স্থানলৈ ওলাই অহা লোক সকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষী বিষয়া গৰাকীয়ে লগতে কয়।

যিসকল লোকে আৰোগ্য সেতু এপ নোহোৱাকৈ ৰাহজুৱা স্থানলৈ ওলাই আহিব তেওঁলোকক ১৮৮ ধাৰাৰ অধীনত ১০০০ টকা জৰিমনা অথবা ৬ মাহ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব।

কেন্দ্ৰ চৰকাৰে তেওঁলোকৰ কৰ্মচাৰী সকলৰ বাবে আৰোগ্য সেতু এপ থকাটো বাধ্যতামূলক কৰি দিছে।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে ক’ৰ’না আক্ৰান্ত ব্যক্তিৰ সম্ভেদ দিয়াৰ বাবে আৰোগ্য সেতু এপ মুকলি কৰিছিল।

মূলত কণ্টাক ট্ৰেছিঙৰ জৰিয়তে সাধাৰণ লোক সকলক তেওঁলোকৰ চাৰিওফালে থাকিব পৰা ক’ৰ’না আক্ৰান্ত লোকৰ সম্ভেদ দিয়াৰ বাবেই এই এপটো মুকলি কৰা হৈছিল।

ভাৰতত ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে মুকলি কৰা আৰোগ্য সেতু এপক বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাতা বিল গেইটছে প্ৰশংসা কৰিছিল।

Related News