NORTHEAST NOW (Assamese)

ৰঞ্জন গগৈ নহয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে তৰুণ গগৈহে দেশৰ মুখ্য ন্যায়াধীশ!

November 8, 2019 10:40 am · এন ই নাও নিউজ
Updated: November 8, 2019 10:46 am

ৰঞ্জন গগৈ নহয় দেশৰ মুখ্য ন্যায়াধীশ হৈছে তৰুন গগৈহে। এই কথা আমাৰ নহয়, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এক সংবাদ মাধ্যমৰ মতে তৰুণ গগৈহে দেশৰ মুখ্য ন্যায়াধীশ।

‘দ্যা লালানটপ’ নামৰ এক অনলাইন সংবাদ মাধ্যমে Youtube-ত আপল’ড কৰা এটা ভিডিঅ’ৰ শিৰোনামত মুখ্য ন্যায়াধীশ তৰুণ গগৈ বুলি উল্লেখ কৰে।

ভিডিঅ’টোৰ শিৰোনাম আছিল ‘Supreme Court में Ayodhya LandDispute के बाद बारी है RTI, Rafale और Sabrimala की | CJI Tarun Gogoi’। অৱশ্যে পিছত কমেণ্টত একাংশই ভুল হোৱা বুলি আপত্তি কৰাত তেওঁলোকে ইয়াক শুধৰাই ৰঞ্জন গগৈ লিখে।

ভিডিঅ’টোত সংবাদ মাধ্যমটোৰ সম্পাদক সৌৰভ দ্বিবেদীয়ে বাতৰি পৰিবেশন কৰিছিল। উল্লেখযোগ্য যে ১০ বছৰতকৈ অধিক কাল ধৰি সাংবাদিকতা কৰা দ্বিবেদীয়ে ইয়াৰ পূৰ্বে ইণ্ডিয়া টুডেই, দৈনিক ভাস্কৰ ইত্যাদিত জ্যেষ্ঠ সহযোগী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTV-এ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৬টা সন্তান আছে বুলি এক বাতৰি পৰিবেশন কৰাক যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

Related News