NORTHEAST NOW (Assamese)

উৰুকাৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃসংবাদ; সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

January 13, 2026 10:29 am · এন ই নাও নিউজ, গুৱাহাটী

উৰুকাৰ দিনাই ৰাজ্যবাসীৰ বাবে আহিল এক দুঃসংবাদ। প্ৰসিদ্ধ সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই। সংগীতসূৰ্য ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাৰ আজি পুৱা ৮ বাজি ৪৫ মিনিটত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পী সমৰ হাজৰিকা। কিছুদিন তেওঁক হায়াট হাস্পাতালত ভেন্টিলেটৰতো ৰখা হৈছিল। হাওঁফাওঁত সংক্ৰমণ ঘটাৰ বাবে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভূগিছিল।  

অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰি তেওঁ বহু কেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপেও গান গাইছিল। ‘বোৱাৰী’, ‘উপপথ’, ‘প্ৰভাতী পখীৰ গান’ আদি ছবিত তেওঁ কণ্ঠদান কৰিছিল।

১৯৬০ চনত সমৰ হাজৰিকাই তেওঁৰ সংগীত জীৱন আৰম্ভ কৰিছিল। ১৯৬৮ চনত মুক্তি পাইছিল তেওঁৰ প্ৰথম এলবাম “উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী”।

সমৰ হাজৰিকাৰ ‘‘প্ৰথম মৰমে যদি… ’’আৰু ‘বোৱাৰী’ ছবিৰ ‘ই যে ৰণাংগনৰ কাহিনী…’’গান দুটা শ্ৰোতাৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল।

 শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যখনত সংগীত তথা সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে।

Related News