NORTHEAST NOW (Assamese)

অসমীয়া জাতিৰ পৰিপন্থী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক : ৰীমা দাস

January 18, 2019 8:30 am · এন ই নাও নিউজ
Updated: January 18, 2019 8:40 am
চলচ্চিত্র পৰিচালক ৰীমা দাস। ফাইল ফটো

সাম্প্ৰতিক সময়ৰ অসমৰ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে বৃহস্পতিবাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰস্তাৱিত বিধেয়কখনক অসমীয়া জাতিৰ পৰিপন্থী বুলি অভিহিত কৰি ৰীমা দাসে বিতৰ্কিত বিধেয়কখন বাতিল কৰাৰ বাবে আহ্বান জনায়।

লক্ষণীয়াভাৱে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ বুৰঞ্জীকেই সলনি কৰি দিব বুলি উদ্বেগ প্ৰকাশ কৰি চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে কয়,’’ আমাৰ এটা বুৰঞ্জী আছে, সংস্কৃতি আছে। বিধেয়কখনে আমাৰ বুৰঞ্জী তথা সংস্কৃতিত আঘাত হানিব। আমি সকলোৱে এই বিধেয়কখনৰ বিৰোধিতা কৰিব লাগে।‘’

‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ জৰিয়তে সমগ্ৰ বিশ্বতে নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা অসম সন্তানগৰাকীয়ে বিধেয়কখন সন্দৰ্ভত মত ব্যক্ত কৰি লগতে কয়,‘‘অসমৰ মানুহক আঘাত দিয়া কাম চৰকাৰে কৰিব নালাগে। আমাৰ কাৰণে যিটো ভাল সেইটোহে চৰকাৰে কৰা উচিত। অসমীয়া জাতিৰ পৰিপন্থী বিধেয়কখন বাতিল হ’ব লাগে।‘’

উল্লেখযোগ্য যে ৰীমা দাসক ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ তৰফৰ পৰা আগবঢ়োৱা ‘নৰ্থ-ইষ্ট এক্সিলেন্সী এৱাৰ্ড’ বৃহস্পতিবাৰে চলচ্চিত্ৰ পৰিচালকগৰাকীক বৃহস্পতিবাৰে প্ৰদান কৰা হয়।

নতুন দিল্লীৰ হোটেল লী মেৰিডিয়ানত অনুষ্ঠিত নৰ্থ-ইষ্ট বিজনেছ ছামিটত অসমৰ ৰাজ্যপাল জগদীশ মুখিয়ে ৰীমা দাসক এই বঁটা প্ৰদান কৰে। উক্ত অনুষ্ঠানতে সাংবাদিকৰ আগত ৰীমা দাসে বিধেয়কখন সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

Related News