NORTHEAST NOW (Assamese)
Popular Stories

অপ্ৰতিৰোধ্য ন’ভাক জ’কভিক! পুনৰ অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ দখল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2021 5:16 pm
অপ্ৰতিৰোধ্য ন’ভাক জ’কভিক! পুনৰ অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ দখল

নৱমবাৰৰ বাবে টেনিছ তাৰকা ন’ভাক জ’ক’ভিকে চলিত বৰ্ষৰ অষ্ট্ৰেলিয়ান অপেনৰ খিতাপ জয় কৰিলে।

দেওবাৰে মেলব’ৰ্ণ পাৰ্কত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষ ছিংগলছৰ ফাইনেল মেচখনত চাৰ্বিয়াৰ তাৰকাগৰাকীয়ে ৰাছিয়াৰ ডানিল মেডভেডেভক পৰাজিত কৰে।

সাত হেজাৰৰো অধিক দৰ্শক উপস্থিত থকা মেচখনত তেওঁ মেডভেডেভক ৭-৫, ৬-২ আৰু ৬-২ ব্যৱধানত হৰুৱায়।

এই বিজয়েৰে ৩৩ বছৰীয়া তাৰকাগৰাকীয়ে অভিলেখসংখ্যক ১৮টাকৈ গ্ৰেণ্ড শ্লাম খিতাপ অৰ্জন কৰিলে। ২০টাকৈ গ্ৰেণ্ড শ্লামেৰে তেওঁতকৈ শীৰ্ষত আছে ৰজাৰ ফেডেৰাৰ আৰু ৰাফায়েল নাডাল।

ইয়াৰ পূৰ্বে শনিবাৰে অনুষ্ঠিত হোৱা ৱ’মেন ছিংগলছৰ ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেনিফাৰ ব্ৰেডিক পৰাস্ত কৰে জাপানৰ নাওমি অ’চাকাই।