NORTHEAST NOW (Assamese)

‘মই তেওঁৰ অনুৰাগী’, অষ্ট্ৰেলিয়ান অ’পেনৰ পূৰ্বে জ’কভিচৰ মুখত কোহলিৰ বিৰাট প্ৰশংসা

January 14, 2024 1:46 pm · এন ই নাও নিউজ, গুৱাহাটী

তেওঁ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ টেনিছ খেলুৱৈ। সৰ্বাধিক গ্ৰেণ্ড শ্লেম বিজয়ৰ অভিলেখকাৰী। অষ্ট্ৰেলিয়ান অ’পেনত খেলিবলৈ সাজু। ছাৰ্বিয়াৰ টেনিছ তাৰকা ন’ভাক জ’কভিচ নিজৰ প্ৰস্তুতিত ব্যস্ত। কিন্তু টেনিছৰ মাজতে জ’কভিচৰ মুখত হঠাতে শুনা গ’ল ভাৰতীয় ক্ৰিকেটৰ পোষ্টাৰ বয় বিৰাট কোহলীৰ কথা।

অষ্ট্ৰেলিয়ান অ’পেন সম্প্ৰচাৰ কৰা চেনেলটোত ভাৰতৰ প্ৰাক্তন টেনিছ তাৰকা সোমদেৱ বৰ্মনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জ’কভিচে ভাৰত, ইয়াৰ সংস্কৃতি, বিৰাটৰ পৰা শচীনলৈকে নানা বিষয়ে কয়।

ছাৰ্বিয়াৰ টেনিছ তাৰকাগৰাকীয়ে কয় যে “মই ইয়াৰ পূৰ্বে মাত্ৰ এবাৰহে ভাৰতলৈ গৈছিলো। সেইটোও ১০-১১ বছৰ আগতে। দুদিনৰ বাবে দিল্লীলৈ গৈছিলো প্ৰদৰ্শনীমূলক খেল খেলিবলৈ। বহুত কম দিন থাকিলোঁ। ভৱিষ্যতে আকৌ যাম বুলি আশা কৰিছো। ভাৰতৰ ইমান ইতিহাস আছে, ইমান সংস্কৃতি আছে। আচৰিত দেশ। নতুন দিল্লীত ২ দিনীয়া প্ৰদৰ্শনীমূলক কাৰ্যসূচী আছিল। মই অলপ সময়ৰ বাবে ভাৰতত আছিলো। আশা কৰিছো অতি সোনকালে পুনৰ ভাৰতলৈ যাব পাৰিম। চহকী ইতিহাস, সংস্কৃতি আৰু ধৰ্মৰ দেশ ভাৰতবৰ্ষক মই ভালদৰে জানিব আৰু বুজিব বিচাৰো।‘’

বিৰাট কোহলিৰ প্ৰসংগ উঠাৰ লগে লগে জ’কভিচে কয়, “মই তেওঁৰ অনুৰাগী। শচীন (তেণ্ডুলকাৰ), বিৰাটকে ধৰি বহু বিখ্যাত ব্যক্তিৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছে। যোৱা কেইবছৰমানৰ পৰা বিৰাটৰ লগত লিখিতভাৱে কথা-বাৰ্তা চলি আছে। কিন্তু আমি কেতিয়াও মুখামুখিকৈ ​​লগ পোৱা নাই। মোৰ বিষয়ে তেওঁ কোৱা সকলো কথা শুনি ভাল লাগে। তেওঁৰ কেৰিয়াৰ আৰু সফলতাৰ মই শলাগ লৈছো।‘’

View this post on Instagram

A post shared by Sony Sports Network (@sonysportsnetwork)

কিছুদিন পূৰ্বে জোকাৰক ষ্টিভ স্মিথৰ সৈতে ক্ৰিকেট খেলি থকা দেখা গৈছিল। টেনিছ ক’ৰ্টতো দেখা গৈছিল স্মিথক। ক্ৰিকেট খেলিবলৈ শিকিছেনে? মিচিকিয়া হাঁহি মাৰি ছাৰ্বিয়াৰ কিংবদন্তিগৰাকীয়ে কৈছে, “মই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছো। কিন্তু বৰ ভাল খেলিব নোৱাৰো। অষ্ট্ৰেলিয়াত ক্ৰিকেট খেলা বৰ ডাঙৰ কথা। ভাৰততো অৱশ্যেই একেই। ধৰি লওক, ভাৰতলৈ যোৱাৰ আগতে মোৰ ক্ৰিকেট খেলটো আৰু ভাল কৰি লৈ যাম। যাতে মই গৈ লাজত নপৰো।”

দেওবাৰে মেলবৰ্ণৰ ৰড লেভাৰ এৰিনাত অনুষ্ঠিত হ’বলগীয়া অষ্ট্ৰেলিয়ান অ’পেনত প্ৰথম ৰাউণ্ডৰ মেচ খেলিব জোকাৰে।

Related News