NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ পৰা বাচিবলৈ চীনৰ লোকে খাবলৈ লৈছে এইবিধ জন্তুৰ মাংস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2020 3:37 pm
gdgds_5e451d7519b1c

ক’ৰ’না ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰা চীনাবাসী এতিয়া স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে। বিচাৰি পোৱা নাই ৰোগবিধৰ নিৰাময়ৰ কোনো উপায়।

নিৰন্তৰ প্ৰয়াসৰ পাছতো কোনো উপাই বিচাৰি নোপোৱাত চিকিৎসকসকলে এতিয়া দেশখনৰ জনতাক এই ভাইৰাছৰ পৰা নিজকে বচাই ৰাখিবলৈ পৌৰাণিক উপাই অৱলম্বন কৰাৰ আহ্বান জনাইছে।

চিকিৎসকৰ এই পৰামৰ্শৰ পাছতেই দেশখনৰ সাধাৰণ লোকে অৱলম্বন কৰিছে বিভিন্ন পুৰণি পদ্ধতি। চীনৰ চিকিৎসালয়ত ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকসকলক আগবঢ়োৱা হৈছে কাছৰ মাংস।

এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মানৱ শৰীৰত শক্তিৰ পৰিমান কমি আহে বুলি চীনৰ বিজ্ঞানীয়ে মন্তব্য কৰাৰ পিছৰ পৰাই চিকিৎসাধীন লোকসকলক উচ্চ প্ৰটিনযুক্ত কাছৰ মাংস প্ৰদান কৰা হৈছে।

বিভিন্ন মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, চীনৰ যিমান চিকিৎসালয়ত ক’ৰ’নাত আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে তেওঁলোকক নৈশ আহাৰত যোগান ধৰা হৈছে কাছৰ মাংস।

বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে, এল’পেথিক দৰৱে কোনো সুফল নিদিয়াত অধিকাংশ ক’ৰ’না আক্ৰান্ত লোকে এতিয়া পুৰণি পদ্ধতিৰে চিকিৎসা গ্ৰহণৰ দিশে ধাৱমান হৈছে।

বৰ্তমান এই ৰোগ নিৰাময়ৰ বাবে লোকসকলে ব্যৱহাৰ কৰিছে ষাঁড় গৰুৰ শিঙৰ পাউদাৰ আৰু অন্যান্য বনৌষধি। মেডিকেল ষ্ট’ৰ সমূহৰ তুলনাত এতিয়া পৰম্পৰাগত ওষধৰ বিপনী সমূহত পৰিলক্ষিত হৈছে যথেষ্ট ভিৰ।