NORTHEAST NOW (Assamese)

কংগ্ৰেছী বিধায়কৰ হৈছে কি? শ্বেৰমানৰ মিঞাৰ পাছতে পুৰকায়স্থক লাগে বাঙালী মিউজিয়াম

October 30, 2020 8:54 pm · কল্পজ্যোতি শইকীয়া

দুটাকৈ বিশেষ সম্প্ৰদায়ৰ মিউজিয়াম কলাক্ষেত্ৰত স্থাপনৰ দাবী কৰাৰ পাছত সকলোৰে এটাই প্ৰশ্ন ‘কংগ্ৰেছী বিধায়কৰ হৈছে কি?’

কিছুদিন পূৰ্বে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ বাবে দাবী তুলি ৰাজ্য উত্তাল কৰি তুলিছিল বিধায়ক শ্বেৰমান আলিয়ে।

পিছ পৰি নাথাকিল অন্য এগৰাকী কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ। তেওঁ এইবাৰ উত্থাপন কৰিলে বাঙালী মিউজিয়ামৰ প্ৰসংগ।

”আজি ৭০-৮০ লাখ বঙালী মানুহ আছে। তেওঁলোকৰ সংস্কৃতি উন্নয়ন কৰাৰ বাবে আপোনালোকে কি কৰিছে। চৰকাৰে এনে কথাৰ সৃষ্টি কৰিলে যেন বঙালী কেইটাৰ কোনো সমস্যাই নাই। আজি প্ৰত্যাহ্বান জনাইছো আপোনালোকক যদি বঙালী মানুহৰ প্ৰতি চৰকাৰৰ দয়া, মমতা আছে তেতিয়া শংকৰদেৱ কলাক্ষেত্ৰত সংস্কৃতি উন্নত কৰাৰ বাবে বঙালী মানুহৰ কৃষ্টি-সংস্কৃতি, অতীত, ভাৰতৰ স্বাধীনতাৰ ক্ষেত্ৰত কোনো কোনো আত্মবলিদান দিলে সেইখিনি আমি জানিব লাগে। তেতিয়াহে আমি অসমখনৰ গঢ় দিব পাৰিম। সেইবাবে মই ভাবো বঙালী মানুহৰ বাবে মিউজিয়াম দিব লাগে।” বৰাকত সংবাদ মাধ্যমৰ আগত এই দাবী কৰি কয় বিধায়কগৰাকীয়ে।

অৱশ্যে, কিছুমান প্ৰসংগ মিছাকৈ উত্থাপিত হৈ আছে বুলি ক’ব খোজে বিধায়কগৰাকীয়ে।

তেওঁ কয় ‘বিভিন্ন ভাষা-ভাষীৰ লোকৰ এইখন অসম দেশ। যদিহে সমভাৱে আমি চাও তেতিয়া বিভিন্ন গোষ্ঠী, বিভিন্ন জাতি, বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন কৃষ্টি-সংস্কৃতি আছে। আন ৰাজ্যত উন্নয়ন, নিবনুৱাৰ চাকৰিৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্বাচন হৈ আছে। অসমত ক’ব লাগিছিল কাছাৰ কাগজ কল, নগাঁও কাগজ কল ইত্যাদি কেনেকৈ চলাব পাৰিম। সেইটোৰ ওপৰত আলোচনা নহয়। কিবা মোগল আহি যাব, মাদ্ৰাছা, আজমল, মিঞা মিউজিয়ামক লৈ ৰাজনীতি চলি আছে।”

Related News