NORTHEAST NOW (Assamese)

ভাল খবৰ: ভূমিকম্পৰ আগজাননী দিব গুগলে! এণ্ড্ৰইড ফোনত লাভ কৰিব বাৰ্তা!

September 27, 2023 7:20 pm · নৰ্থ ইষ্ট নাও, ডেস্ক
Updated: September 27, 2023 6:52 pm

এতিয়াৰ পৰা গুগলে আপোনাৰ স্মাৰ্টফোনলৈ ভূমিকম্পৰ সতৰ্কবাণী প্ৰেৰণ কৰিব। ২৫ সংখ্যক জন্মদিনত জনপ্ৰিয় চাৰ্চ ইঞ্জিন কোম্পানীটোৱে ভাৰতৰ এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে এই গুৰুত্বপূৰ্ণ সেৱাৰ কথা ঘোষণা কৰে। খবৰ অনুসৰি ক্ষুদ্ৰ পৰিসৰৰ চিছমোমিটাৰৰে এই কঁপনি ধৰা পেলাব।

এণ্ড্ৰইড স্মাৰ্টফোনত এটা চেন্সৰে কাম কৰি ভূমিকম্পৰ তীব্ৰতা ধৰা পেলাব। গুগলে ভূমিকম্পৰ সতৰ্কবাণী সেৱা আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এনডিএমএ) আৰু ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এনএছচি)ৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে।

চাৰ্চ ইঞ্জিন কোম্পানীটোৰ মুখপাত্ৰৰ মতে, এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ অঞ্চলত ভূমিকম্পৰ বিষয়ে স্বয়ংক্ৰিয়ভাৱে আগতীয়া সতৰ্কবাণী প্ৰদানৰ প্ৰচেষ্টা চলোৱা হব। এই এলাৰ্ট সেৱা অপাৰেটিং চিষ্টেমৰ এণ্ড্ৰইড ৫ আৰু তাৰ পিছৰ সংস্কৰণত উপলব্ধ হব। আচলতে এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত এক্সিলেৰমিটাৰ আছে। যিটোৱে এই ক্ষেত্ৰত ক্ষুদ্ৰ পৰিসৰৰ ভূমিকম্পমাপক হিচাপে কাম কৰিব।

চাৰ্চ ইঞ্জিন কোম্পানীটোৱে নিজৰ ব্লগত দাবী কৰিছে যে ইণ্টাৰনেটৰ বাৰ্তাৰ গতি পোহৰৰ গতিৰ সমান। কম্পনৰ গতি তাতকৈ বহু কম। ফলত বিপদজনক ভূমিকম্পৰ পূৰ্বেই ব্যৱহাৰকাৰীয়ে লাভ কৰিব ভূমিকম্পৰ সতৰ্কবাণী। ফলত বৃহৎ দুৰ্ঘটনাৰ পৰা হাত সাৰিব পৰা যাযব। যদিও প্ৰথমবাৰৰ বাবে ভাৰতত এই সেৱা মুকলি কৰা হৈছে, তথাপিও ইতিমধ্যে বিশ্বৰ বহু দেশত এই সেৱা উপলব্ধ বুলি গুগলে প্ৰকাশ কৰিছে।

মন কৰিব যে গুগলে ২৫ বছৰ অতিক্ৰম কৰিছে। বুধবাৰে ব্যৱহাৰকাৰীক ধন্যবাদ জনাই জন্মদিন উদযাপন কৰিছে চাৰ্চ ইঞ্জিন কোম্পানীটোৱে। ১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰৰ পৰা গুগলে যাত্ৰা আৰম্ভ কৰিছিল। কেলিফৰ্ণিয়াৰ এটা সৰু গেৰেজত কম্পিউটাৰ লৈ আৰম্ভ কৰিছিল লেৰী পেজ আৰু চাৰ্জী ব্ৰিনে।

Related News