NORTHEAST NOW (Assamese)

‘উগ্ৰপন্থীৰ হাতত আছিল ভোটাৰ কাৰ্ড আৰু আগ্নেয়াস্ত্ৰ’- চিদাম্বৰমৰ পেহেলগামৰ প্ৰশ্নক লৈ সংসদত প্ৰমাণ দিলে অমিত শ্বাহে

July 29, 2025 5:25 pm · এন ই নাও নিউজ, গুৱাহাটী

২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণত ২৫ জন ভাৰতীয় পৰ্যটক আৰু এজন স্থানীয় নাগৰিক নিহত হৈছিল। সেই ঘটনাৰ পাছত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল যদিও ভাৰত-পাকিস্তান আক্ৰমণ- প্ৰতি আক্ৰমণৰ মাজতো পেহেলগাম কাণ্ডৰ লগত জড়িত সন্ত্ৰাসবাদীক বিচাৰি পোৱা নগল। এনে পৰিস্থিতিত কংগ্ৰেছ নেতা পি চিদাম্বৰমে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সত্যতা আৰু পাকিস্তানৰ সৈতে ইয়াৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰে।

অৱশ্যে মঙলবাৰে লোকসভাত দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে যে সোমবাৰে শ্ৰীনগৰৰ ‘অপাৰেচন মহাদেৱত পেহেলগাম আক্ৰমণৰ লগত জড়িত তিনিওজন সন্ত্ৰাসবাদী নিহত হৈছে। বিৰোধীৰ ঠাট্টা-মস্কৰাৰ প্ৰতি সঁহাৰি জনাই উগ্ৰপন্থীৰ পৰিচয়ৰ প্ৰমাণ দি শ্বাহে কয় যে নিহত লস্কৰ উগ্ৰপন্থীৰ মৃতদেহৰ সৈতে পাকিস্তানী ভোটাৰ কাৰ্ড উদ্ধাৰ কৰা হৈছে, আৰু পেহেলগামত পৰ্যটক হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

সোমবাৰে শ্ৰীনগৰৰ ডাচিগাম বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখিত তিনি উগ্ৰপন্থী নিহত হয়। এই সামৰিক অভিযানৰ নাম ৰখা হৈছিল ‘অপাৰেচন মহাদেৱ। আজি অমিত শ্বাহে কয় যে কালি পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তিনিওজন সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত হৈছে। শ্বাহে নিহত উগ্ৰপন্থী তিনিজনৰ নামো প্ৰকাশ কৰে। তেওঁ কয় যে এই তিনিজন সন্ত্ৰাসবাদীৰ নাম চুলেইমান, আফগান আৰু জিব্ৰাণ। পূৰ্বে গ্ৰেপ্তাৰ হোৱা লোকজনে এই তিনিজনক খাদ্যৰ ব্যৱস্থা কৰি সহায় কৰিছিল। নিহত উগ্ৰপন্থীৰ মৃতদেহ চিনাক্ত কৰা হৈছে।

Related News