NORTHEAST NOW (Assamese)

সলনি হ’ব বৃটেইনৰ নোট : নতুনকৈ কাৰ ফটো ছপা কৰা হ’ব নোটত?

December 21, 2022 8:12 am · এন ই নাও নিউজ, গুৱাহাটী

দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ তৃতীয় চাৰ্লছ ব্ৰিটেইনৰ নতুন ৰজা হয়। এতিয়া দেশৰ নিয়ম অনুসৰি নতুন ৰজাৰ ছবি নতুন ছবিৰ লগত সংলগ্ন কৰা হৈছে। ইতিমধ্যে ৫, ১০, ২০ আৰু ৫০ পাউণ্ডৰ নোটৰ নতুন ডিজাইন তৈয়াৰ কৰা হৈছে। ৰজা চাৰ্লছৰ প্ৰতিচ্ছবি  থকা এই নোট ২০২৪ চনত প্ৰচলন হ’ব।

খবৰ অনুসৰি বৰ্তমানৰ চাৰিখন পলিমাৰ নোটত তৃতীয় চাৰ্লছৰ প্ৰতিকৃতি ছপা কৰা হ’ব। নোটৰ সন্মুখত ৰজাৰ প্ৰতিচ্ছবি থাকিব। ইয়াৰ উপৰিও ১০ পাউণ্ডৰ নোটত লেখিকা জেন অষ্টেন, ২০ পাউণ্ডৰ নোটত শিল্পী জে এম ডব্লিউ টাৰ্নাৰ আৰু ৫০ ডলাৰৰ নোটত কম্পিউটাৰ বিজ্ঞানী এলান টুৰিঙৰ ছবি থাকিব।

উল্লেখ্য যে নতুন নোট প্ৰৱৰ্তন কৰিলেও পুৰণি নোট বাতিল কৰা নহ’ব। দ্বিতীয় ৰাণী এলিজাবেথৰ প্ৰতিচ্ছবি থকা নোটসমূহৰো প্ৰচলন অব্যাহত থাকিব।

ব্ৰিটেইনৰ কেন্দ্ৰীয় বেংকে কয় যে এই পৰিৱৰ্তনে পৰিৱেশ আৰু আৰ্থিক প্ৰভাৱ নপৰে বুলি ৰজাৰ পৰিয়ালে নিৰ্দেশনা দিছে। সেই কথা মনত ৰাখি নতুন নোট ছপা আৰু মুদ্ৰাৰ চাহিদা পূৰণৰ বাবেহে নতুন ডিজাইন নোট প্ৰৱৰ্তন কৰা হ’ব। ন-পুৰণি দুয়োটা নোট একেলগে প্ৰচলিত হ’ব, য’ত দ্বিতীয় ৰাণী এলিজাবেথ আৰু ৰজা চাৰ্লছৰ প্ৰতিকৃতি থাকিব।

ইয়াৰ ফলত ৰজা চাৰ্লছ ব্ৰিটিছ ইতিহাসৰ দ্বিতীয়জন ৰজা হ’ব যিয়ে নিজৰ প্ৰতিচ্ছবি কাগজৰ মুদ্ৰাত ছপা কৰিব। ১৬০০ চনৰ শেষৰ ফালে বেংক অৱ ইংলেণ্ডে কাগজৰ নোট উৎপাদন আৰম্ভ কৰে। তাৰ পিছত তৃতীয় চাৰ্লছকে ধৰি মাত্ৰ ২ জন ৰজাইহে ইয়াত নিজৰ ফটো ছপোৱাৰ সুবিধা গ্ৰহণ কৰি আহিছে।

Related News