NORTHEAST NOW (Assamese)
অসম

অসমত নহয় এন পি আৰ উন্নীতকৰণ, প্ৰায় ৪০০০ কোটি টকাত অনুমোদন মোদী কেবিনেটৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2019 4:35 pm
narendra modi Modi cabinet decides to allow FDI in digital media

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক লৈ দেশজোৰা বিক্ষোভৰ মাজতে কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে ৰাষ্ট্ৰীয় লোকপঞ্জী উন্নীতকৰণ বাবে প্ৰায় চাৰি হাজাৰ কোটি টকা মুকলিত অনুমোদন জনাইছে

কেবিনেটে একে সময়তে ভাৰতৰ লোকপিয়ল ২০২১ৰ বাবে ৮৭৫৪.২৩ কোটি টকাত অনুমোদন জনাইছে।

অসমক বাদ দি সমগ্ৰ দেশৰ বাবে এই এন পি আৰ উন্নীতকৰণ বাধ্যতামূলক কৰা হৈছে। কিন্তু পশ্চিম বংগ, কেৰালা আৰু ৰাজস্থানৰ অবিজেপি নেতৃত্বাধীন চৰকাৰসমূহে নিজ ৰাজ্যত ইয়াক “অনুমোদন” নিদিয়ে বুলি বাতৰিত প্ৰকাশ।

অহা বছৰৰ এপ্ৰিলৰ পৰা উন্নীতকৰণৰ কাম আৰম্ভ হ’ব লগা এন পি আৰৰ তথ্য সংগ্ৰহৰ কাম ২০২০ চনৰ চেপ্তেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।

এন আৰ চি বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া হোৱাৰ বিপৰীতে এন পি আৰ হৈছে ভাৰতৰ “সাধাৰণ বাসিন্দাসকলৰ” (usual residents) তালিকা।

নাগৰিকত্ব আইন, ১৯৫৫ আৰু নাগৰিকত্ব (নাগৰিকৰ পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ জাৰি) নিয়মাৱলী, ২০০৩ৰ ব্যৱস্থাৱলীৰ অধীনত এই পঞ্জী যুগুত কৰা হ’ব।

দেশৰ কোনো এলেকাত কমেও অন্তিম ছমাহধৰি বাস কৰা বা ঠাইখনত পৰৱৰ্তী ছমাহ বাস কৰিম বুলি থকা ভাৰতীয় নাগৰিককে “সাধাৰণ বাসিন্দা” বুলি ধৰা হ’ব বুলি বাতৰিত প্ৰকাশ।

ইয়াৰ পূৰ্বে ২০১০ চনত সংগৃ্হীত তথ্যৰে ২০১৫ চনত অন্তিমবাৰ এন পি আৰ উন্নীত কৰা হৈছিল।

কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে কৈছে, এন পি আৰত সকলোকে সাঙুৰি লোৱা হ’ব আৰু ইয়াৰ বাবে কোনো “প্ৰমাণ” দেখুওৱাৰ প্ৰয়োজন নহ’ব।

চৰকাৰে কৈছে, চৰকাৰী আঁচনিত হিতাধিকাৰীক লক্ষ্য কৰি লোৱা আৰু দেশৰ “অভ্যন্তৰীণ নিৰাপত্তা”ৰ দিশৰ পৰা এন পি আৰ সুফলদায়ক হ’ব।