NORTHEAST NOW (Assamese)

অসম মহিলা বিশ্ববিদ্যালয়ত  NPTEL ৰ কৰ্মশালা সম্পন্ন 

November 24, 2023 9:38 pm · এন ই নাও নিউজ, নতুন দিল্লী

শুকুৰবাৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এন.পি.টি.ই.এল ৰ সজাগতা সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়। 

বিশ্ববিদ্যালয়ৰ মুখ্য শৈক্ষিক বিষয়া বিশ্বজ্যোতি শৰ্মাই আঁত ধৰা কৰ্মশালাখনিৰ আদৰণি ভাষণ আগবঢ়াই পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে। 

আৰম্ভণি অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অজন্তা বৰগোঁহাই ৰাজকোঁৱৰে অংশগ্ৰহণকাৰী সকলক সম্বোধি কয় যে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত NPTEL ৰ স্বয়ম এক গুৰুত্বপূৰ্ণ মাধ্যম,য’ত প্ৰযুক্তিৰ জৰিয়তে শিক্ষণ মঞ্চখন গঠন কৰা হৈছে। এই মঞ্চৰ দ্বাৰা শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে আত্ম উদগতি সম্ভৱ হৈছে। 

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থকা এন পি টি ই এলৰ  ৰাষ্ট্ৰীয় সমন্বয়ক শিৱ কুমাৰ দাসে শিক্ষণ শিকন প্ৰক্ৰিয়াটো প্ৰভাৱশালী আৰু সময়োপযোগী হৈ উঠাৰ কাৰণ আৰু ইয়াৰ সা সুবিধা সম্পৰ্কে বিস্তাৰিতভাৱে পৰ্যালোচনা কৰি কৰ্মশালাখনিৰ বিষয়বস্তু আগবঢ়ায়। 

যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত মহাবিদ্যালয় – বিশ্ববিদ্যালয়ৰ পৰা অহা ৮৬ শিক্ষকে অংশগ্ৰহণ কৰা  কৰ্মশালাখনত গৱেষক আৰু শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে।

Related News