NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ জিম্মাত বিষাক্ত সুৰা কাণ্ডৰ অন্যতম অভিযুক্ত নৃপেন ঠেঙাল

Posted by: ঋতুপল্লব শইকীয়া March 13, 2019 6:40 am
24-01-19-Guwahati-BJP-joining-Bidya-Sing-Engleng-1-750x375-1

বিগত মাহত গোলাঘাট আৰু যোৰহাট জিলাত সংঘটিত ৰাজ্য কঁপাই যোৱা বিষাক্ত সুৰা কাণ্ডৰ অন্যতম অভিযুক্ত, সুৰা ব্যৱসায়ী নৃপেন ঠেঙাল ওৰফে মাইনাক মঙলবাৰে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে, আৰক্ষীয়ে নৃপেন ঠেঙালক গ্ৰেপ্তাৰ কৰাৰ  লগে লগে ৰাজ্যত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পায়।

উল্লেখযোগ্য যে, নৃপেন ঠেঙালৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চুলাই ব্যৱসায়ীক চোৰাং স্পিৰিত যোগান ধৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

প্ৰাপ্ত তথ্য অনুসৰি ঠেঙালে চোৰাংভাবে স্পিৰিত চুলাই ব্যৱসায়ী সকলৰ ওচৰত বিক্ৰী কৰে, আৰু চুলাই ব্যৱসায়ী সকলেও ঠেঙালৰ পৰা স্পিৰিট ক্ৰয় কৰি চুলাইত ব্যৱহাৰ কৰে বুলি আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিৰ পৰা জানিব পৰা গৈছে।

মৰঙি ঢুলীয়া গাঁৱৰ নিবাসী অভিযুক্ত নৃপেন ঠেঙালৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০(বি)/৩২৮/৩০৪(এ) ধাৰাত  ২২৩/১৯ নম্বৰত এক গোচৰ ৰুজু কৰিছে।মঙলবাৰে বিয়লি  ঠেঙালক আদালতত হাজিৰ কৰাৰ পাছত ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয়।