NORTHEAST NOW (Assamese)

নাগা চুক্তিৰ সন্ধিক্ষণত সন্দেহযুক্ত NSCN-K(YA)ৰ আছাম ৰাইফ. শিৱিৰ আক্ৰমণ

October 20, 2019 7:07 pm · এন ই নাও নিউজ
আক্ৰমণস্থলীত পোৱা গুলীৰ খোলা আৰু ক্ষতিগ্ৰস্ত ঘৰৰ ছবি। নৰ্থইষ্ট নাও।

নাগা চূড়ান্ত চুক্তিক লৈ চলিত ব্যাপক চৰ্চাৰ মাজতে সন্দেহযুক্ত এন এছ চি এন-কে (য়ুং আং) বিদ্ৰোহীয়ে দেওবাৰে নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ এটা শিৱিৰত আক্ৰমণ কৰিছে।

ভাৰত-ম্যানমাৰ সীমান্তৰ চেনলৈছ’ গাঁৱত নিশা প্ৰায় ২ বজাত সংঘটিত আক্ৰমণটোত ৪০ আছাম ৰাইফলছৰ এজন জোৱান সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে, প্ৰতিৰক্ষা সূত্ৰত প্ৰকাশ।

এগৰাকী মহিলাকে ধৰি দুজন অসামৰিক লোকৰ হাততো সামান্য আঘাত লাগিছে। আছাম ৰাইফলছৰ চিকিৎসকে তেওঁলোকক চিকিৎসা আগবঢ়াইছে।

খবৰমতে, ১০জনীয়া গোট এটাই ৪০ আছাম ৰাইফলছৰ ডেল্টা কোম্পানি প’ষ্টটোত আক্ৰমণ চলায়।

ৰাইফলছেও প্ৰত্যুত্তৰ দিয়াত দুয়োপক্ষৰ মাজত প্ৰায় ২৫ মিনিট ধৰি গুলীয়াগুলী চলে।

পিছত আন্ধাৰৰ সুযোগ লৈ আক্ৰমণকাৰী গোটটো পলাই যায়।

গুলীয়াগুলীৰ পিছতে গাওঁৰক্ষী বাহিনী আৰু গাওঁবুঢ়াই চলোৱা সন্ধানত এলেকাটোত ৭৫টা গুলীৰ খোলা উদ্ধাৰ হয়।

নাগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী ৰাজ্যপাল আৰ এন ৰৱিয়ে চলিত মাহতে প্ৰক্ৰিয়াটো সমাপ্ত হ’ব বুলি শুকুৰবাৰে ঘোষণা কৰাৰ পিছত এই ঘটনা তাৎপৰ্য্যপূৰ্ণ ৰূপে পৰিগণিত হ’ব পাৰে।

ইফালে প্ৰতিৰক্ষা সূত্ৰমতে, এই আক্ৰমণ এন এছ চি এন-কেৰ য়ুং আং গোটৰ “হতাশা”ৰ প্ৰতিফলন।

শেহতীয়াকৈ সংগঠনটোৰ দুই শীৰ্ষ নেতা মে’জৰ জেনেৰেল য়াংথাং ওৰফে মপা আৰু মন্ত্ৰী ইমতি আওক আছাম ৰাইফলছে গ্ৰেপ্তাৰ কৰিছিল।

Related News