NORTHEAST NOW (Assamese)
অসম

হাফলঙত এন এছ চি এন (আৰ) গোটৰ সদস্য আটক

Posted by: পংকজকুমাৰ দেব Updated by: পংকজকুমাৰ দেব September 11, 2019 7:35 pm

মঙলবাৰে (১০ ছেপ্টেম্বৰ) নিশা ডিমা হাচাও জিলাৰ হাফলঙত অঞ্চলত নাগা বিদ্ৰোহী গোট এন এছ চি এন (আৰ)ৰ এগৰাকী সদস্যক আটক কৰা হয়।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি হাফলং আৰক্ষী থানাৰ অন্তৰ্গত বাগেতাত ডিমা হাচাও আৰক্ষী আৰু ১১নং আছাম ৰাইফলছে যুটীয়া অভিযান চলাই এন এছ চি এন (আৰ) গোটৰ এগৰাকী সক্ৰিয় সদস্যক আপত্তিজনক নথি-পত্ৰৰ সৈতে আটক কৰে।

আটকাধীন সদস্যজনক হাইনামটেউং নিউমে বুলি চিনাক্ত কৰা হৈছে। নিউমেৰ ঘৰ জিলাখনৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত পুৰানা পাইছা গাঁৱত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

আৰক্ষীৰ আগত ধৃত সদস্যজনে স্বীকাৰ কৰাৰ মতে তেওঁ ২০০৮ চনত এন এছ চি এনত যোগদান কৰাৰ পাছত ২০১৪ চনত এন এছ চি এন (আৰ) গোটত যোগাদান কৰে।

যুৱকজনৰ পৰা আৰক্ষীয়ে ধন দাবীৰ কাৰণে ব্যৱহাৰ এখন ছিম কাৰ্ড উদ্ধাৰ কৰে বুলি উল্লেখ কৰে বৰ্তমান তেওঁক অধিক তথ্যৰ বাবে সোধা-পোছা চলাই আছে বুলি কয়।