NORTHEAST NOW (Assamese)
অসম

জম্মুৰ বায়ুসেনাৰ নিৰাপত্তা বেষ্টনি এলেকাত দুটাকৈ বিস্ফোৰণ; ঘটনাস্থলীত উপস্থিত NIA, NSGৰ দল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 27, 2021 10:06 am
WhatsApp Image 2021-06-27 at 9.55.34 AM

জন্মু বিমানবন্দৰৰ  বায়ুসেনাৰ কঠোৰ নিৰাপত্তা বেষ্টনিৰ মাজত থকা এটা এয়াৰ ফ’ৰ্ছ ষ্টেশ্যনত সংঘটিত হৈছে দুটাকৈ বিস্ফোৰণ।

দেওবাৰে পুৱতি নিশা প্ৰায় ১.৪০ বজাত সংঘটিত হয় বিস্ফোৰণটো। পাঁচ মিনিটৰ অন্তৰত সংঘটিত হয় বিস্ফোৰণ দুটা।

সেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে, পুৱতি নিশা ১.৪০ বজাত অনুসৰি এয়াৰ ফ’ৰ্ছ ষ্টেশ্যনটোৰ আভ্যন্তৰত সংঘটিত হৈছে এই বিস্ফোৰণ।

বিস্ফোৰণত কোনো সামৰিক লোক হতাহতৰ বাতৰি এই মুহূৰ্তলৈকে অহা নাই।

সেনা বাহিনীৰ সূত্ৰৰ মতে উক্ত বিস্ফোৰণৰ ঘটনাত বায়ু সেনাৰ কেন্দ্ৰটোৰ বিশেষ ক্ষতিও হোৱা নাই।

বিস্ফোৰণটো কেনেকৈ সংঘটিত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

সেনা বাহিনীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে। এনআইএ আৰু এনএছজিৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে।

ইতিমধ্যে বোম স্কোৱাড আৰু ফৰেনছিক দলৰ সদস্যই তদন্তৰ বাবে বিস্ফোৰণ সংঘটিত বায়ু সেনাৰ কেন্দ্ৰটো পৰিদৰ্শ কৰিছে।