NORTHEAST NOW (Assamese)

অৰুণাচল প্রদেশৰ নামপঙত এনএছচিএন(আই এম)ৰ কেডাৰ আটক

May 13, 2021 6:56 am · মানস প্ৰতিম গগৈ
Updated: May 13, 2021 12:56 pm

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশত সোমবাৰে সেনা আৰু আৰক্ষীয়ৰ এক গোপন অভিযানত আটক কৰা হৈছে নগা বিদ্ৰোহী সংগঠন এনএছচিএন(আই এম)ৰ এজন সক্ৰিয় কেডাৰ।

প্ৰাপ্ত খবৰ অনুসৰি ১৯ নং আসাম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশৰ নামপং আৰক্ষীয়ে গোপন সূত্রৰ ভিত্তিত চলোৱা এক অভযানত নামপঙৰ পৰা তিনি কিলোমিটাৰ দূৰৈৰ থেৰিয়ামখান গাঁ‌ৱৰ এটা ঘৰৰ পৰা দুৰ্ধষ কেডাৰজনক কৰায়ত্ত কৰে।

আটক কৰা কেডাৰজনৰ নাম অনঙ চিংফৌ। ঘৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত ইনথেমত বুলি সেনাৰ সূত্ৰত প্ৰকাশ।

আটক কৰা কেডাৰজনৰ পৰা এটা নাইন এমএম এটা পিষ্টলসহ কেইবা ৰাউণ্ড সজীৱ গুলী, এটা গেণেড, অন্যান্য আপত্তিজনক নথি পত্ৰ আৰু কিছু আপত্তিজনক সামগ্রী জব্দ কৰিছে।

Related News