NORTHEAST NOW (Assamese)
অসম

অসমত পুনৰ বৃদ্ধি পালে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা; মুঠ আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ ২৫

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 4, 2020 11:38 am
Coronavirus-750x375

অসমত দ্ৰুত হাৰত  বৃদ্ধি পাইছে ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

আজি ৰাজ্যত পুনৰ এজন ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। আজি ক’ৰ’না সংক্ৰমিত বুলি পৰীক্ষাত প্ৰমাণ হোৱা ব্যক্তি গৰাকী উত্তৰ লক্ষীমপুৰৰ।

উত্তৰ লক্ষীমপুৰৰ ক’ৰ’না আক্ৰান্ত হোৱা লোক গৰাকীয়ো দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ জামাতৰ সৈতে সম্পৰ্ক থকা।

স্বাস্থ্য় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা সদৰী কৰে।

আজি উত্তৰ লক্ষীমপুৰৰ ক’ৰ’না আক্ৰান্ত হোৱা লোক গৰাকীক ধৰি অসমত মুঠ ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৫ গৰাকীলৈ বৃদ্ধি পালে।

উল্লেখযোগ্য যে, ৩ এপ্ৰিলত ৰাজ্যত মুঠ আঠগৰাকী ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হৈছিল।

৩১ মাৰ্চত ৰাজ্যত প্ৰথমগৰাকী ক’ৰ’না আক্ৰান্ত ব্যক্তি চিনাক্ত হোৱাৰ পাছত মাত্ৰ পাঁচ দিনৰ ভিতৰতে এই সংখ্যাই ২৫ গৰাকী স্পৰ্শ কৰে।

আনহাতে, বৰ্তমানলৈ অসমত ক’ৰ’নাত আক্ৰান্ত হোৱা ২৫ গৰাকী লোকৰ ভিতৰত ২৪ গৰাকী লোকে দিল্লীৰ নিজামুদ্দিন জামাতত সৈতে সম্পৰ্ক থকা।