NORTHEAST NOW (Assamese)
অসম

কামত যোগদানৰ প্ৰথমটো দিনতেই নাৰ্ছৰ ৰহস্যজনক মৃত্যু; ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 1, 2022 12:25 pm

হাস্পাতালত এগৰাকী নাৰ্ছৰ ওলমি থকা দেহ উদ্ধাৰৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশৰ উন্নাওত। এখন ব্যক্তিগত হাস্পাতালত সংঘটিত এই ঘটনাত কামত যোগদান কৰাৰ প্ৰথমটো দিনতেই নাৰ্ছগৰাকীৰ ওলমি থকা দেহ উদ্ধাৰ হয়।

ঘটনাৰ বলি নাৰ্ছ গৰাকীৰ পৰিয়ালে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ দাখিল কৰিছে।

উন্নাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সাক্ষী সিঙে জানিবলৈ দিছে যে নিউ জীৱন হাস্পাতালত এই ঘটনা ঘটিছে। শনিবাৰে নাৰ্ছগৰাকীয়ে হাস্পাতালখনত প্ৰথম কামত যোগদান কৰিছিল। হাস্পাতালখনৰ এটি কোঠাত নাৰ্ছগৰাকীৰ দেহটো ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

কোনো প্ৰত্যক্ষদৰ্শীয়ে থানাত খৱৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়ক: সংকটগ্ৰস্ত শ্ৰীলংকাত ঔষধৰ মূল্যবৃদ্ধিত হাহাকাৰ সাধাৰণ জনতাৰ

ঘটনাৰ পিছতে নাৰ্ছগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা ধৰ্ষণ আৰু হত্যাৰ অভিযোগ দাখিল কৰা হয়। বাতৰি মতে, তিনিজনৰ বিৰুদ্ধে অভিযোগ অনা হৈছে।

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত এখন ব্যস্ত হাস্পাতালত কেনেদৰে এই ঘটনা ঘটিবলৈ পালে বা নাৰ্ছগৰাকীৰ ওলমি থকা দেহ উদ্ধাৰৰ আঁৰত কি ৰহস্য আছে তাৰ উত্তৰ বিচাৰি উত্তৰ প্ৰদেশ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

এই ঘটনাৰ পিছতে বিৰোধীয়ে ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে ৰাজ্যখনৰ আইন-শৃংখলাকলৈও প্ৰশ্ন তুলিছে।