NORTHEAST NOW (Assamese)
দেশ

স্ব-ব্যৱসায়েৰে দেশৰ আটাইতকৈ ধনী মহিলাত পৰিণত নাইকাৰ প্ৰতিষ্ঠাপক ফাল্গুনী নায়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2021 3:44 pm
Nykaa Founder Falguni Nayar

প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়েৰে দেশৰ আটাইতকৈ ধনী মহিলাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে প্ৰসাধন সামগ্ৰীৰ প্ৰতিষ্ঠান নাইকাৰ প্ৰতিষ্ঠাপক ফাল্গুনী নায়াৰে।

আজি ব্যৱসায় প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ ৮৯ শতাংশলৈ লৈ বৃদ্ধি পোৱাৰ পিছত নাইকাৰ প্ৰায় আধা অংশৰ গৰাকী নায়াৰৰ মূল্য এতিয়া প্ৰায় ৬.৫ বিলিয়ন ডলাৰ হয়গৈ।

ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি তেওঁ ভাৰতৰ আটাইতকৈ ধনী স্ব-ব্যৱসায়ী মহিলা বিলিয়নাৰ হৈ পৰিছে।

নাইকাৰ মূল সংস্থা এফএছএন ই-কমাৰ্চ ভেঞ্চাৰ ষ্টক এক্সচেঞ্জত খলকনি তোলা ভাৰতৰ প্ৰথম মহিলা নেতৃত্বাধীন প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৰ প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱৰ মূল্য শীৰ্ষত অৱস্থান কৰাৰ পিছত ইয়াৰ দৰ ৭২২ নিযুত ডলাৰলৈ বৃদ্ধি হৈছিল।

পূৰ্বতে এটা শীৰ্ষ ভাৰতীয় বিনিয়োগ বেংকৰ নেতৃত্ব দিয়া নায়াৰে ২০১২ চনত নাইকা প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত দেশৰ বেছিভাগ মহিলাই চুবুৰীয়া দোকানত প্ৰসাধন সামগ্ৰী ক্ৰয় কৰিছিল।

গ্লেমাৰাছ বলীউড অভিনেতা আৰু চেলিব্ৰিটিৰ বিজ্ঞাপন ভিডিও আৰু ৭০ খনতকৈও অধিক অংশীদাৰী দোকানৰ সৈতে নাইকাই দেশৰ আগশাৰীৰ প্ৰসাধন সামগ্ৰীৰ প্ৰতিষ্ঠান হিচাপে ইয়াৰ ব্যৱসায় বৃদ্ধি কৰিছে।

নাইকাই ভাৰতীয় পৰিৱেশৰ সৈতে খাপ খোৱাকৈ আৰু ব্যৱহাৰকাৰীৰ ছালৰ স্তৰ, ছালৰ প্ৰকাৰ অনুসৰি বিভিন্ন প্ৰসাধন সামগ্ৰী বিক্ৰী কৰে।

নাইকাৰ নিজা প্ৰতিবেদন অনুসৰি যোৱা বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৰ ৩৫ শতাংশ বিক্ৰী বৃদ্ধি হৈ ৩৩০ নিযুত ডলাৰৰ ব্যৱসায় হয়।

ফাল্গুনী নায়াৰ দুটা পাৰিবাৰিক ট্ৰাষ্ট আৰু আন সাতটা প্ৰচাৰক সংস্থাৰ জৰিয়তে কোম্পানীটোৰ অংশীদাৰিত্বৰ গৰাকী। তেওঁৰ দুই শিক্ষিত জী আৰু পুত্ৰইও নাইকাৰ বিভিন্ন গোট পৰিচালনা কৰে।

অৱশ্যে যদিও নায়াৰ ভাৰতৰ আটাইতকৈ ধনী স্ব-ব্যৱসায়ী মহিলা বিলিয়নাৰ হিচাপে চিহ্নিত হৈছে, অ’পি জিন্দাল গ্ৰুপৰ পৰিচালক সাবিত্ৰী জিন্দাল হৈছে দেশৰ আটাইতকৈ ধনী মহিলা।বিশ্বৰ ৫০০ জন ধনী ব্যক্তিৰ ৰেংকিং ব্লুমবাৰ্গ বিলিয়নাৰ ইণ্ডেক্স অনুসৰি তেওঁৰ সম্পত্তিৰ মূল্য ১২.৯ বিলিয়ন ডলাৰ।